মুখ্য-পৃষ্ঠা

পহিলা মাঘৰ পুৱাই ৰাজ্যত দুটাকৈ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুজনৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ পহিলা মাঘৰ পুৱাই ৰাজ্যত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। মালিগাওঁ আৰু চাবুৱাত সংঘটিত হোৱা পথ দুৰ্ঘটনাত দুজনকৈ লোকৰ মৃত্যু হয়। চাবুৱাৰ মৰিপট্টিত ৰজত শৰ্মা নামৰ লোকজন অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয়। প্ৰাতঃভ্ৰমণলৈ ওলাই অহা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে মালিগাঁৱত পুৱাই বাছৰ খুন্দাত নিহত হয় এগৰাকী ৰিক্সাচালক। নিহত ৰিক্সাচালকগৰাকীৰ ঘৰ পাণ্ডুত বুলি জানিব পৰা গৈছে। শনিবাৰে পুৱাই সংঘটিত হোৱা এই পথ দুৰ্ঘটনাক লৈ বাছখনৰ চালকক আটক কৰিছে মালিগাওঁ আৰক্ষীয়ে।