মুখ্য-পৃষ্ঠা

ভেক্সিন গ্ৰহণ কৰি উভতি অহাৰ পথত নাওঁ দূৰ্ঘটনা, সন্ধানহীন ২ বছৰীয়া শিশু…

asomiyapratidin


ডিজিটেল সংবাদ,ওৰাং: ওৰাঙৰ ধুপগুৰীত ভয়ংকৰ নাওঁ দুৰ্ঘটনা। পাচনৈ নদীত হোৱা নাও দূৰ্ঘটনাত সন্ধানহীন ২ বছৰীয়া শিশু। কথমতি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ। সন্ধানহীন হোৱা শিশুটি হাচিনা খাতুন বুলি জানিব পৰা গৈছে। সন্ধানহীন শিশুটিক বিছাৰি এছ ডি আৰ এফে অভিযান চলাই যদিও সন্ধান নাপালে শিশুটিৰ। নাও দুৰ্ঘটনাত উটি যায় এখন মটৰ চাইকেল। ‌
সন্ধানহীন হোৱা শিশু সহ প্ৰায় ১৫ গৰাকী যাত্ৰী আছিল দুৰ্ঘটনা সংঘটিত হোৱা নাওখনত। জানিব পৰা মতে নাঁও দুৰ্ঘটনাত সন্ধানহীন হোৱা শিশু সহ মাতৃ নতুন বজাৰ স্বাস্থ্য কেন্দ্ৰত কভিড ভেক্সিন গ্ৰহণ কৰি উভতি আহি আছিল নাওৰে। কিন্তু হঠাৎ নদীৰ পানী বৃদ্ধি পোৱাত নিয়ন্ত্ৰণহীন হৈ পৰে নাঁও খন। দুৰ্ঘটনাটোৰ নাও খনৰ চালক জনো আঘাট প্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।