মুখ্য-পৃষ্ঠা

বিমানতেই মৃত্যু ভাৰতীয়ৰ! আবু ধাবিত জৰুৰীভাৱে অবতৰণ বিমান…

asomiyapratidin

ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ পৰা মিলানলৈ যোৱা এখন বিমানে জৰুৰীকালীনভাৱে অবতৰণ কৰিব লগা হয়। আবু ধাবি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত সোমবাৰে নিশা বিমানখনে অবতৰণ কৰিছিল। জানিব পৰা মতে, বিমানখনত থকা এজন ভাৰতীয়ৰ বিমান যাত্ৰাৰ সময়তে বিমানৰ ভিতৰত মৃত্যু হোৱাত বিমানখনে এনেদৰে অবতৰণ কৰে। মৃত লোকজনৰ নাম কৈলাশ চন্দ্ৰ শ্ৰেণী। ৰাজস্থানত ঘৰ তেওঁৰ।

২৬বছৰীয়া পুত্ৰৰ সৈতে তেওঁ এই বিমানখনৰ যাত্ৰী হৈছিল। আবু ধাবিত বিমান অবতৰণ কৰাৰ পাছত তেওঁৰ মৃতদেহ সমীপৰ মাৰ্ফাক হাস্পতাললৈ নিয়া হয়। তাত অনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পাছত তেওঁৰ মৃতদেহ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয়।