মুখ্য-পৃষ্ঠা

পাকিস্তানত শাৰিৰীক নহয়, মানসিক নিৰ্যাতনৰ বলি হৈছিল উইং কামাণ্ডাৰ অভিনন্দন

asomiyapratidin

ডিজিটেল ডেস্কঃ শাৰিৰীক নিৰ্যাতন নহয়, পাকিস্তানত মানসিক নিৰ্যাতনৰহে বলি হৈছিল উইং কামাণ্ডাৰ অভিনন্দন। শুকুৰবাৰে উইং কামাণ্ডাৰ গৰাকী স্বদেশৰ মাটিত ভৰি দিয়াৰ পিছতে শনিবাৰে এএনাইয়ে এই বাতৰি প্ৰচাৰ কৰে।

সূত্ৰৰ মতে, পাকিস্তানত উইং কামাণ্ডাৰগৰাকীক শাৰিৰীক ভানে অপদস্থ কৰা বা কোনো ধৰণৰ নিৰ্যাতন চলোৱা হোৱা নাছিল। কিন্তু বিভিন্ন প্ৰশ্ন সুধি আৰু তথ্য বিচাৰি উইং কামাণ্ডাৰগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে।

উল্লেখ্য যে, ২৭ ফেব্ৰুৱাৰীত ভাৰত ভূমিত আক্ৰমণ চলাবলৈ অহা পাকিস্তানৰ বায়ু সেনাৰ বিমানক বাধা দিবলৈ গৈ দুৰ্ভাগ্যবশতঃ পাকিস্তানৰ সেনাৰ হাতত বন্দী হৈছিল। পিছত ১ মাৰ্চত ভাৰতীয় বায়ু সেনাৰ বিষয়াগৰাকীক পাকিস্তানে ৱাঘা-আটাৰী সীমাৰে ভাৰতৰ হাতত গতাই দিয়ে।