মুখ্য-পৃষ্ঠা

৬নং দফাৰ চূড়ান্ত প্ৰতিবেদন এতিয়া ক’ত আছে? চৰকাৰক এই কথা ৰাজহুৱা কৰিবলৈ দাবী আছুৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৬নং দফাৰ সন্দৰ্ভত মঙলবাৰে শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাই সম্বোধন কৰে এখন সংবাদমেল। এই সংবাদমেলত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব উপস্থিত থকাৰ লগতে উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা তথা ৬ নং দফা কমিটীৰ সদস্য নিলয় দত্ত।

৬নং দফাৰ চূড়ান্ত প্ৰতিবেদনৰ সন্দৰ্ভত চৰকাৰৰ প্ৰতি গভীৰ অসন্তুষ্টি ব্যক্ত কৰি আছুৰ নেতৃত্বই কয়, ৫০০ সংগঠন আৰু ব্যক্তিৰ লগত আলোচনা কৰি এই চূড়ান্ত প্ৰতিবেদন তৈয়াৰ কৰা হৈছিল। ২৫ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীক দিছিল কমিটিয়ে এই প্ৰতিবেদন অৰ্পণ কৰিছিল চৰকাৰক।

আজি পৰ্যন্ত ৫ মাহ হল কমিটীৰ প্ৰতিবেদন দাখিলৰ কিন্তু এই প্ৰতিবেদন এতিয়া মুখ্যমন্ত্ৰীৰ আলমিৰাত নে আন কৰবাত আছে সেই কথা স্পষ্ট কৰক চৰকাৰে। এই সংবাদমেলতে ৬নং দফা কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰে। এই সংবাদমেলত আছু নেতৃত্বই অচিৰেই এই বিষয়ৰ সন্দৰ্ভত চৰকাৰে সকলো ৰাজহুৱা কৰিব লাগে বুলি স্পষ্ট কৰে।