মুখ্য-পৃষ্ঠা

নিৰ্বাচিত হ’ল নতুন সভাপতি-সম্পাদকঃ সমুজ্জল ভট্টাচাৰ্য থাকিলে নে নাথাকিল…

asomiyapratidin

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ পৰৱৰ্তী সাধাৰ সম্পাদকৰূপে নিৰ্বাচিত হল শংকৰজ্যোতি বৰুৱা।ইফালে সভাপতি হিচাপে নিৰ্বাচিত হল পূৰ্বৰ সভাপতি দিপাংক নাথ। নিৰ্ধাৰিত সময় অনুসৰি বিষয় বাচনি সভা নহল দুলীয়াজানত।

দেওঁবাৰে পুৱা ৭মান বজাতে আৰম্ভ হয় বিষয় বাচনি সভা। অইল ক্লাৱত অনুষ্ঠিত এই বিষয় বাচনি সভাৰ পূৰ্বে দুলীয়াজানত দেখা গৈছিল ৰাজনৈতিক দলৰ ততপৰতা। শাসকীয় দলৰ কেইবাজনো নেতাই দুলীয়াজান অধিৱেশনস্থলীত বাহৰ পতাও পৰিলক্ষিত হৈছিল।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ হাতত পৰা তথ্য অনুসৰি বিষয় বাচনি সভা পূৰ্বে লাহোৱালৰ বিজেপি বিধায়ক তথা প্ৰাক্তন ছাত্ৰনেতা ঋতুপৰ্ণ বৰুৱা সংগীসহ বাহৰ পাতি আছিল অইলৰ গেষ্ট হাউচত।

বহু প্ৰত্যাশিত এই বিষয় বাচনি সভাৰ অন্তত লুৰীণজ্যোতি সমৰ্থকৰূপে পৰিচিত শংকৰ বৰুৱা সাধাৰণ সম্পাদকৰূুপে নিৰ্বাচিত হয়। পৰৱৰ্তী ৩বছৰৰ কাৰ্যকালৰ নিৰ্বাচিত হোৱা শংকৰ বৰুৱা আৰু দিপাংক নাথে অধিৱেশনখন সফলৰূপে সম্পন্ন কৰাৰ বাবে দুলীয়াজানবাসীক ধন্যবাদ জ্ঞাপন কৰে।

ইফালে নতুন পদবীত নিৰ্বাচিত হোৱাৰ পাছত শংকৰজ্যোতি বৰুৱাই অসমৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে দৃঢ়তাৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ইফালে আছুৰ মুখ্য উপদেষ্টা হৈ সমুজ্জল ভট্টাচাৰ্য থাকিবনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

বিবেকক সুধি সময় লৈ এই সিদ্ধান্ত লব বুলি সমুজ্জল ভট্টাচাৰ্যই ইতিমধ্যে ঘোষণা কৰিছে। দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত সভাপতি দিপাংক নাথে কয়, সমুজ্জল ভট্টাচাৰ্য উপদেষ্টা হৈ থাকিবনে নাই সেই সিদ্ধান্ত তেওঁ লব। যিহেতু তেওঁ সময় বিচাৰিছে আৰু এক যোগত্মক সহাঁৰি লাভ কৰিব বুলি তেওঁ আশাবাদী।