মুখ্য-পৃষ্ঠা

আৱেগিক পৰিৱেশত লুৰীণৰ আনুষ্ঠানিক বিদায়, আছুৰ নতুন কাৰ্যনিৰ্বাহকে ল’লে দায়িত্ব…

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় নৱনিৰ্বাচিত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ আৰু দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, লুৰীণজ্যোতি গগৈ আৰু দিপাংক নাথকে ধৰি ন-পুৰণি ৰাজ্যিক কাৰ্যনিৰ্বাহকসকল উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে নতুন সকলো কাৰ্যনিৰ্বাহক সদস্যসকলৰ পৰিচয় পৰ্ব অনুষ্ঠিত হয় আৰু তাৰপাছতে নতুনক কমিটিক দায়িত্বভাৰ অৰ্পণ কৰে পুৰণি কমিটিয়ে। নতুন সকলো সদস্যই হাতে হাত ধৰি শপত বাক্যও পাঠ কৰে এই অনুষ্ঠানত।

উল্লেখ্য যে, অনুষ্ঠানটিতৃৰ শেষৰ ফালে এক আৱেগিক পৰিৱেশৰো সৃষ্টি হয়। লুৰীণ জ্যোতি গগৈক সৰ্তীৰ্থ সকলোৱে সাৱটি আনুষ্ঠানিকভাৱে বিদায় দিয়ে। সমুজ্জল ভট্টাচাৰ্যই লুৰীণজ্যোতি গগৈক সাৱটি ধৰি মুৰত হাত ফুৰাই দিয়া সময়ত সকলোৰে হাতচাপৰি বজোৰাৰ পৰিৱেশো সৃষ্টি হল অনুষ্ঠানটিত।