মুখ্য-পৃষ্ঠা

বিশ্বনাথত আৰম্ভ আপৰ বাজ কেম্পেনিং...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলো ৰাজনৈতিক দলৰে প্ৰচাৰ তুংগত উঠিছে। আজি বিশ্বনাথত আম আদমী পাৰ্টিয়ে আৰম্ভ কৰিছে এক ব্যতিক্ৰমী প্ৰচাৰ অভিযান। সেয়া হৈছে বাজ কেম্পেনিং। গীতে মাতে ৰাইজৰ মাজলৈ যোৱাৰ এই প্ৰচাৰ অসমত আন কোনো ৰাজনৈতিক দলে কৰা নাই।

দেওবাৰে বিশ্বনাথৰ কেইবাটাও স্হানত আপৰ বিভিন্ন কলা কুশলীয়ে প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ হৈ এনেদৰে বাজ কেম্পেনিং কৰি প্ৰচাৰ পত্ৰিকা বিথৰণ কৰে। লগতে আপৰ চৰকাৰ হ'লে কি কি কাম কৰিব সেই বিষয়েও ৰাইজৰ আগত প্ৰচাৰ চলাই আপৰ সদস্য সকলে।