accident
accident 
মুখ্য-পৃষ্ঠা

আগ্ৰা-লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথত বাছ দুৰ্ঘটনাঃ ৪গৰাকী নিহত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱতি নিশা আগ্ৰা-লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছ দুৰ্ঘটনা। গোৰখপুৰৰ পৰা আজমেৰলৈ যোৱাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত এগৰাকী ৭ বছৰীয়া কন্যাসহ প্ৰায় ৪ গৰাকী যাত্ৰী নিহত হোৱাৰ বিপৰীতে চালক আৰু বাছখনৰ আন কৰ্মচাৰীসহ ৪২জন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে আহতকেইগৰাকীক এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, দুৰ্ঘটনাগ্ৰস্থ বাছখনে পিছফালৰ পৰা ট্ৰাক এখনত প্ৰচণ্ড খুন্দা মাৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীসকললৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সামাজিক মাধ্যমৰ দ্বাৰা গভীৰ শোক প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী যোগীয়ে টুইটযোগে মৃতকৰ আত্মাৰ শান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।