মুখ্য-পৃষ্ঠা

এটেনশ্যন স্বাস্থ্যমন্ত্ৰীঃ চিৰাঙত প্ৰসুতিয়ে ৰাস্তাতে জন্ম দিলে সন্তান, বিচনাত সাঙি পাতি ৰাইজে আনিলে চিকিৎসালয়লৈ VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ স্বাস্থ্যখণ্ড উন্নত হোৱা বুলি চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মেলে-মিটিঙে উদাত্ত ভাষন প্ৰদান কৰিলেও শেহতীয়াকৈ এত ঘটনাই উদঙালে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আচঁল স্বৰূপ। যোৱা দেওবাৰে চিৰাঙত সংঘটিত হোৱা এটা ঘটনাই পুনৰ এবাৰ প্ৰতীয়মান কৰিলে যে দৰাচলতে গ্ৰামাঞ্চলত এতিয়াও দুলৰ্ভ উপযুক্ত চিকিৎসা।

ওপৰত দেখা পোৱা ভিডিঅটো যোৱা ৮ ছেপ্তেম্বৰৰ। চিৰাঙৰ এখন ভিতৰুৱা গাঁৱত এগৰাকী প্ৰসুতিয়ে চিকিৎসালয়লৈ আহি থকাৰ অৱস্থাতে মাজবাটতে জন্ম দিলে সন্তান। ইয়াৰ পাছতে গাঁৱৰে কেইজনমান লোক একলগ হৈ এখন বিচনাতে সাঙি পাতি, ওপৰত ট্ৰিপালেৰে ঢাকি প্ৰসুতি গৰাকীক আনিলে চিকিৎসালয়লৈ।

প্ৰাপ্ত খবৰ অনুসৰি বৰ্তমান সুস্থ মহিলাগৰাকীৰ সৈতে তেওঁৰ সন্তান। কিন্তু এই ঘটনাই পুনৰ এবাৰ পোহৰলৈ আনিলে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপ। ইতিমধ্যে এই ঘটনাই চৰ্চা লাভ কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো। ৰাজ্যত এনে ঘটনা নতুন নহয়, কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী সমষ্টি মাজুলীতো এগৰাকী মহিলাই ৰাস্তাতে প্ৰসৱ কৰিছিল সন্তান।