- জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ সন্দেহজনক সামগ্ৰী।
- অনন্তনাগ জিলাৰ ৱানপোহৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই উদ্ধাৰ হয় এটা বেগ।
- বেগৰ ভিতৰত বিস্ফোৰক সামগ্ৰী থকাৰ সন্দেহ কৰি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক।
- ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দল উপস্থিত হৈছে।
- পৰিত্যক্ত বেগৰ ভিতৰত কি আছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
- স্থানীয় সকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে।
- ঘটনাক কেন্দ্ৰ কৰি শংকিত হৈ আছে অঞ্চলবাসী।