মুখ্য-পৃষ্ঠা

খাব পৰা মাস্ক! VIDEO…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ মহাসংক্ৰমণৰ সময়ত মাস্ক, চেনিটাইজাৰ আদি শব্দবোৰ সকলোৰে মুখে মুখে। মুখত পৰিধান কৰা মাস্কৰ চাহিদা দিনক দিনে বৃদ্ধি পাই গৈয়ে আছে। এইবাৰ ওলাইছে খাব পৰা মাস্ক।

তামিলনাডুৰ এখন ৰেষ্টুৰেন্টত প্ৰস্তুত কৰিছে এই খাব পৰা মাস্ক। মাদুৰাইত এখন ৰেষ্টুৰেন্টে এই মাস্ক সাজু কৰি গ্ৰাহকৰ হাতত তুলি দিছে। আলুৰ পৰা প্ৰস্তুত কৰা হৈছে এই মাস্ক। ৰেষ্টুৰেন্টখনৰ মেনেজাৰ গৰাকীয়ে জানিবলৈ দিয়া মতে সেই অঞ্চলৰ লোক মাস্ক পৰিধান কৰাক লৈ সচেতন নহয়।

সেয়েহে তেওঁলোকে মাস্ক আকৃতিত প্ৰস্তুত কৰিছে পৰঠা। তেওঁলোকৰ লক্ষ্য ইয়াৰ জৰিয়তে সাধাৰণ লোকৰ মাজত মাস্ক পৰিধান কৰাক লৈ সচেতনতা বৃদ্ধি পাব।