মুখ্য-পৃষ্ঠা

দেহত ৪৯৯ খন দেশৰ পতাকা, বিশ্ব অভিলেখৰ বাবে দাঁত সৰাই পেলোৱা কোন এই ব্যক্তি?

asomiyapratidin

ডিজিটেল ডেস্কঃ অভিলেখ সৃষ্টি হয়, অভিলেখ ভঙা যায়। বহুক্ষেত্ৰত ই যেন অস্থাৱৰ। কিন্তু দিল্লীৰ এগৰাকী ব্যক্তিয়ে গঢ়া অভিলেখৰ ম্যাদ দীৰ্ঘদিনীয়া। অভিনৱ কেইবাটাও অভিলেখেৰে পৰিপূৰ্ণ তেওঁৰ জীৱন। দিল্লীৰ প্ৰকাশ ঋষি নামৰ এইজন ব্যক্তিয়ে গাত আঁকি লৈ বিশ্বৰ সকলো দেশৰে পতাকা। উদ্দেশ্য, সন্ত্ৰাসবাদ প্ৰতিৰোধ কৰি বিশ্ব শান্তি গঢ়ি তোলা। তেওঁ গাত লিখি লৈছে- 'আহক সন্ত্ৰাসৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধ হও' শ্ল'গান। মুখৰ ভিতৰত যাতে ৪৯৬ ডাল ষ্ট্ৰ' অথৱা ৬৫ ডাল মমবাতি ধাৰণ কৰিব পাৰে, তাৰ বাবে সৰাই পেলাইছে আটাইকেইটা দাঁত। গিনিজ ঋষি হিচাপে পৰিচিত প্ৰকাশ ঋষি নামৰ এইজন অভিনৱ ব্যক্তিৰ নামত আছে সাতটাকৈ বিশ্ব গিনিজৰ অভিলেখ।

১৯৯০ চনত প্ৰথমবাৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ঋষিয়ে। সেই সময়ত তেওঁ ১০০১ ঘন্টা স্কুটাৰত ভ্ৰমণ কৰি ৩০,৯৫৫ কিলোমিটাৰ অতিক্ৰম কৰি এই অভিলেখ দখল কৰিছিল। ইয়াৰ পিছতে ঋষিয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদ জনাই শৰীৰ, মুখ, কাণ সকলোতে বিশ্বৰ প্ৰতিখন দেশৰ জাতীয় পতাকাৰ চিত্ৰ অংকন কৰে। পেটত তেওঁ অংকন কৰে সমগ্ৰ বিশ্বৰ মানচিত্ৰ। 'সন্ত্ৰাসৰ বিৰুদ্ধে প্ৰতিবাদ' নাম দি কৰা এই টেটুত তেওঁৰ দেহত অংকিত হৈছে বাৰাক ওবামা, ৰাণী এলিজাবেথ আৰু নৰেন্দ্ৰ মোদীৰ ছবিও।

দেহত সমগ্ৰ বিশ্বৰ দেশসমূহৰ পতাকা অংকন কৰি লোৱা ভাৰতৰ প্ৰকাশ ঋষি

কেৱল এয়াই নহয়, এডাল ষ্ট্ৰ'ৰে মাত্ৰ ৩৯ চেকেণ্ডৰ ভিতৰত ৫০০ গ্ৰামৰ এবটল চচ্ খাই শেষ কৰাৰ অভিলেখো আছে ঋষিৰ নামত। আনহাতে মুখত ষ্ট্ৰ' আৰু মমবাতি ধাৰণ কৰি অভিলেখ গঢ়াৰ আকাংক্ষাৰে তেওঁ শেহতীয়াকৈ সমস্ত দাঁত সৰাই পেলায়।

কিন্তু ইমান অভিলেখৰ সন্মুখীন হোৱাৰ পিছতো সদায় মানুহৰ ওচৰত হাঁহিয়াতৰ পাত্ৰ হৈ আহিছে প্ৰকাশ ঋষি। তেওঁৰ দৈহিক অৱয়ব আৰু অভিলেখ গঢ়াৰ আকাংক্ষাৰ বাবেই বিভিন্নজনে তেওঁক বাটে-ঘাটে ঠাট্টা-মস্কৰা কৰে। কিন্তু ইমানৰ পিছতো কেতিয়াও পিছ হোহোঁকা নাই এইজন ব্যক্তিয়ে। তেওঁৰ ভাষাৰে- 'মানুহে কোৱাৰ বাবেই মুখ খোলে। কিন্তু সেয়া আমি যদি সদায় গুৰুত্ব দি চলো, তেন্তে আমি আমাৰ জীৱনটো নিজৰ ধৰণেৰে কেতিয়াও যাপন কৰিব নোৱাৰিম আৰু আমাৰ লক্ষ্যত উপনীত আমি হ'ব নোৱাৰিম।'