ঢকুৱাখনাত বিজ্ঞান সন্মত ৰেচম পালনৰ  ৫ দিনীয়া প্ৰশিক্ষণ...
ঢকুৱাখনাত বিজ্ঞান সন্মত ৰেচম পালনৰ  ৫ দিনীয়া প্ৰশিক্ষণ... 
মুখ্য-পৃষ্ঠা

ঢকুৱাখনাত বিজ্ঞান সন্মত ৰেচম পালনৰ  ৫ দিনীয়া প্ৰশিক্ষণ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: গ্ৰাম্য অৰ্থনীতি সবলীকৰণ, স্বনিয়োজন আৰু জীৱন জীৱিকাৰ মানদণ্ড উন্নীতকৰণক অগ্ৰাধিকাৰ প্ৰদানেৰে প্ৰণালীবদ্ধ কৰ্মসূচী গ্ৰহণ কৰা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত সোণালী সূতাৰ উৰ্বৰ ভূমি ঢকুৱাখনাত অনুষ্ঠিত কৰা হৈছে বিজ্ঞান সন্মত পদ্ধতিৰে ৰেচম পালনৰ এক প্ৰণালীবদ্ধ প্ৰশিক্ষণ সূচী। মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু যোৰহাট জিলাৰ লাহদৈগড়ত অৱস্থিত কেন্দ্ৰীয় মুগা, এৰি গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ যৌথ উদ্যোগত যোৱা ১৫ নৱেম্বৰৰ পৰা  ঢকুৱাখনাৰ মাতমৰাত অৱস্থিত "লইদ কম্প্লেক্স"ত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ ১৮ নৱেম্বৰত সামৰণি পৰিব। 

পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে উদ্বোধন কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত পৰিষদৰ অন্তৰ্গত ১৩ নং চিচিমুখ, ২১ পূব ঢকুৱাখনা-মাতমৰা, ২২ নং খেৰকটা ডাংধৰা আৰু ৩০ নং চাংগা মাজুলী পৰিষদীয় সমষ্টিৰ ৩২ গৰাকী নিৰ্বাচিত উদ্যোগী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। নিজাববীয়া ৰেচম ফাৰ্ম বিশিষ্ট এই ৩২ গৰাকী উদ্যোগী প্ৰশিক্ষাৰ্থীক তিনি দিনীয়া পদ্ধতিগত আৰু ব্যৱহাৰিক  প্ৰশিক্ষণ প্ৰদান কৰে কেন্দ্ৰীয় মুগা-এৰি গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক, জ্যেষ্ঠ বিজ্ঞানী  লাহদৈগড় কেন্দ্ৰীয় ছিল্ক বৰ্ডৰ ড০ দিগন্ত মেচ, এছ টি এ  ড০ বিতোপন দাস, ৰেচম বিজ্ঞানী ডঃপলাশ দত্তই ।

পৰিষদৰ গ্ৰাম্য অৰ্থনীতি উজ্জীৱিতকৰণ আঁচনিৰ আধাৰত গ্ৰহণ কৰা এই কৰ্মসূচীৰ জৰিয়তে বিজ্ঞানসন্মত ভাবে ৰেচম পালনৰ প্ৰশিক্ষণ দি মুগা পালকসকলৰ কৌশল বিকাশৰ দিশত যথোচিত গুৰুত্ব দি প্ৰশিক্ষিত ৰেচম পালকসকলক পৰিষদৰ তৰফৰ পৰা আৰ্থিক সাহায্য আগবঢ়াব বুলি জানিব পৰা গৈছে। পৰিষদৰ অধ্যক্ষ পেগুৰ তত্বাৱধানত পৰিচালিত এই স্বনিয়োজনমূলক প্ৰশিক্ষণৰ উপৰিও এম এ চি এলেকাৰ অধীনৰ বিভিন্ন পৰিষদীয় সমষ্টিৰ নিবনুৱা যুৱক-যুৱতীসকলক জীৱন জীৱিকা আঁচনিৰ আধাৰত নাপিত, গাহৰি পালন, ছাগলী পালন , বিউটি পাৰ্লাৰ আদিৰ ওপৰতো  ধাৰাবাহিক প্ৰশিক্ষণ প্ৰদান কৰি গ্ৰাম্য অৰ্থনীতি সবল কৰাত মনোনিবেশ কৰি অহা বুলি জানিবলৈ দিলে ।