মুখ্য-পৃষ্ঠা

নিজামুদ্দিন মাৰ্কাজৰে জড়িত ৯৬০জন বিদেশী নাগৰিকক নিষিদ্ধ, বাতিল কৰা হৈছে ভিছা…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ তবলিগি জামাতৰে জড়িত প্ৰায় ৬৫০জন লোকৰ দেহত ইতিমধ্যে কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইফালে, কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনা উলংঘা কৰি ধৰ্মীয় সমাবেশত অংশ লোৱা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ।

উল্লেখ্য যে, তবলিগি জামাতৰে জড়িত প্ৰায় ৯৬০জন বিদেশী নাগৰিকৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে তদন্ত আৰম্ভ কৰিছে। এই আটাইকেইখনজন বিদেশী নাগৰিকক নিষিদ্ধ কৰা হৈছে বুলি জানিব পৰা গৈছে। ফৰেইনাৰ এক্ট, ১৯৪৬ আৰু ডিজাষ্টাৰ মেনেজমেন্ট এক্ট, ২০০৫ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে এই বিদেশী নাগৰিক কেইজনৰ বিৰুদ্ধে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সদৰী কৰা মতে, ৯৬০জন বিদেশী নাগৰিকক নিষিদ্ধ কৰাৰ লগতে তেওঁলোকৰ ভিছাও বাতিল কৰা হৈছে। লগতে দিল্লীৰ লগতে আনবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী সঞ্চালক প্রধানক এই লোক কেইজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।