মুখ্য-পৃষ্ঠা

শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ’ক…

asomiyapratidin

ডিজিটেল সংবাদ, শ্বিলংঃ উত্তৰ-পূবত প্ৰতিভাৰ অভাৱ নাই, লাগে মাথোঁ এখন উচিত মঞ্চৰ। সময়ে সময়ে এই কথা প্ৰমাণ কৰিছে উত্তৰ-পূবৰ বহু প্ৰতিভাশালী যুৱক-যুৱতীয়ে। কিছুদিনৰ পূৰ্বে শ্বিলঙত এগৰাকী ৯ বছৰীয়া শিশুৱে প্ৰস্তুত কৰি উলিয়াইছিল এটা বিশেষ মোবাইল এপ্লিকেশ্যন। যাৰ দ্বাৰা শিশুসকলে তেওঁলোকৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে নিজৰ পৰিচয় লুকুৱাই অভিযোগ দিব পাৰিব। আৰু এনেকৈয়ে তেওঁলোকৰ অভিভাৱক, শিক্ষক তথা বন্ধুসকলক এই সম্পৰ্কে সজাগ কৰি দিবলৈ সক্ষম হ'ব।

চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে প্ৰস্তুত কৰা এপ্লিকেশ্যনটোৰ নাম হৈছে 'Anti-Bullying App'। শ্বিলঙৰ নংথিম্মাইৰ মেইদাইবাহুন মাজাঅ' নামৰ ছাত্ৰীগৰাকীয়ে প্ৰস্তুত কৰিছিল এই এপ্লিকেশ্যনটো। শিশুৰ সুৰক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয় এপ্লিকেশ্যনটো নিৰ্মাণ কৰি উলিওৱা মেইদাইবাহুন মাজাঅ'ক শেহতীয়াকৈ তেওঁৰ দক্ষতাৰ বাবে বিশেষভাৱে সম্বৰ্ধনা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

মানৱ সংসাধন বিকাশ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী Dr RP Nishankয়ে মেইদাইবাহুন মাজাঅ'ক এক বিশেষ প্ৰশংসা পত্ৰ প্ৰদান কৰাৰ লগতে এটা ট্ৰফীৰে সম্বৰ্ধনা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে, উত্তৰ পূবৰ প্ৰতিভাসমূহৰ বিকাশৰ বাবে সকলো ধৰণৰ সহযোগিতাৰ কথা ব্যক্ত কৰে। উল্লেখ্য যে, ২০১৯ বৰ্ষৰ চেপ্তেম্বৰ মাহত শিশুগৰাকীয়ে এটা এপ্লিকেশ্যন ডেভেলপমেন্ট ক'ৰ্চ কৰিছিল। সেই সময়তে তেওঁ এপ্লিকেশ্যন প্ৰস্তুত কৰাৰ কাম শিকিছিল। তেওঁ প্ৰস্তুত কৰা Anti-Bullying App-টো বৰ্তমান গুগল প্লে'ত উপলব্ধ।

কণমানি এজনী ছোৱালীজনীৰ এনে চমৎকাৰী উদ্ভাৱনে অতি স্বাভাৱিকভাৱেই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। যাৰ বাবে নংথিম্মাইৰ মেইদাইবাহুন মাজাঅ'ৰ নাম তেনে উদ্ভাৱনৰ সৈতে জড়িত বিশ্বৰ বিশেষ ১৫ গৰাকী কিশোৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। কম্পিউটাৰ বিশ্বত চমৎকাৰী উদ্ভাৱনৰ জৰিয়তে বিখ্যাত হৈ পৰা এই কিশোৰী কেইগৰাকী USৰ চিলিকন ভেলীত অনুষ্ঠিত এক বিশেষ ইনভেন্টৰ্ৰছ মিটত অংশগ্ৰহণ কৰাৰ বাবে জলপানিসহ আমন্ত্ৰণ লাভ কৰিছে। এয়া নিসন্দেহে ভাৰত তথা উত্তৰ-পূবৰ শিশুসকলৰ বুদ্ধিমত্তা তথা মানসিক উৰ্বৰতাৰ দিশত এক আনন্দদায়ক খবৰ।

কিছুদিনৰ পূৰ্বে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মেইদাইবাহুন মাজাঅ'ই কৈছিল, 'মই গেম খেলি ভালপাওঁ। দেউতাই মোক ক'ডিং ক্লাছত নামভৰ্তি কৰাৰ পিছৰে পৰা মই নিজেই নিজৰ বাবে গেম প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিলো। মই নাৰ্ছাৰি ক্লাছৰ পৰা দ্বিতীয় শ্ৰেণী লৈকে বিদ্যালয়ত অত্যাচাৰৰ সন্মুখীন হৈছিলো। মোৰ লগতে ভগ্নীয়েও বিদ্যালয়ত সন্মুখীন হোৱা অত্যাচাৰৰ বিৰুদ্ধে গৈয়ে এই এপ্লিকেশ্যনটো প্ৰস্তুত কৰিছো।'