মুখ্য-পৃষ্ঠা

ছবিপ্ৰেমী সকলৰ বাবে ভাল খবৰঃ অস্কাৰ জয়ী চিনেমা উপভোগ কৰিবলৈ যোগাযোগ কৰক…

asomiyapratidin

ডিজিটেল ডেস্কঃ ছবি অনুৰাগী সকলৰবাবে এটা ভাল খবৰ আনিছে অনুৰাধা চিনেপ্লেক্সে (Anuradha Cineplex)। অহা ২১ ফেব্ৰুৱাৰীৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে ছবিঘৰটোৱে আয়োজন কৰিছে অষ্টম অস্কাৰ ছবি সমাৰোহ। ২১-২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগীয়া এই সমাৰোহত প্ৰদৰ্শিত কৰা হ'ব ২০২০ বৰ্ষত অস্কাৰ লাভ কৰা প্ৰায় ৭ খনকৈ ছবি।

উল্লেখ কৰা প্ৰয়োজন যে, বিগত ৭ টা বছৰ ধৰি অস্কাৰ বটাঁ প্ৰাপ্ত এই শ্ৰেষ্ঠ ছবিসমূহ প্ৰদৰ্শিত কৰি আহিছে চিনেমা ঘৰটোৱে। এইবাৰৰ সমাৰোহত প্ৰদৰ্শিত হ'বলগীয়া ছবিসমূহ হৈছে- Parasite, joker, Judy, Ford vs Ferrariৰ লগতে বহুকেইখন ছবি।

প্ৰদৰ্শিত হ'বলগীয়া ছবি আৰু সময়সূচী

অস্কাৰ লাভ কৰা এই ছবি সমূহ উপভোগ কৰাৰ বাবে দৰ্শকৰ বাবে অনুৰাধা চিনেপ্লেক্সে বিশেষ ব্যৱস্থা কৰিছে। ছবিপ্ৰেমী দৰ্শকে অগ্ৰিম টিকটৰ বাবে ৮৮২২৭৭৭৫৫৫, ৭৬৩৭৯০৩৬৬০ নম্বৰত যোগাযোগ কৰিব পাৰিব লাগিব। লগতে অনলাইনত টিকট বুকিঙৰ বাবে anuradha cineplex.in ৱেবচাইটৰো দিহা কৰিছে অনুৰাধা চিনেপ্লেক্সে।