মুখ্য-পৃষ্ঠা

ভাৰতীয় বায়ু সেনাৰ আজি ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস, ৫৪ খনৰো অধিক যুজাঁৰু বিমানেৰে শক্তি প্ৰদৰ্শন…VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাৰ আজি(৭ অক্টোবৰ) ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বায়ু সেনাই গাজিয়াবাদৰ হিন্দন এয়াৰৱেজত আয়োজন কৰিছে এক বিশেষ অনুষ্ঠান। এই অনুষ্ঠানতে ভাৰতীয় বায়ু সেনাৰ জোৱানসকলে বিভিন্ন যুজাৰু বিমান প্ৰদৰ্শন কৰিব।

প্ৰাপ্ত খবৰ অনুসৰি এই অনুষ্ঠানত ৫৪ খনৰো অধিক যুজাঁৰু বিমান উৰুৱাৰ লগতে গাজিয়াবাদৰ আকাশতক উৰিব কেইবাখনো হেলিকপ্টাৰও।

ইয়াৰ উপৰি এই অনুষ্ঠানত দেশত নিৰ্মিত যুজাঁৰু বিমান তেজস, ছুখই ৩০এম কে আই, মিগ ২৯ আপগ্ৰেড, জগুৱাৰ দৰে বিমানেও প্ৰদৰ্শন কৰিছে বিপদজনক ষ্টান্ট। এই অনুষ্ঠানতে উইং কামাণ্ডাৰ অভিনন্দন আৰু মিত্তী আগৰৱালক বিশেষভাৱে সন্মানিত কৰিব ভাৰতীয় বায়ু সেনাই।

বায়ু সেনাৰ এই অনুষ্ঠানত দেশৰ সেনা বাহিনীৰ কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকিব। লগতে কেইবাখনো দেশৰ প্ৰতিনিধিয়েও অংশ লব উক্ত অনুষ্ঠানত। কমেও ১ ঘন্টা ধৰি বায়ু সেনাৰ বিভিন্ন বিমান প্ৰদৰ্শন কৰা হব এই অনুষ্ঠানত।

উক্ত অনুষ্ঠানত উপস্থিত আছে স্থল সেনা প্ৰধান বিপিন ৰাৱট, বায়ু সেনা প্ৰধান আৰ কে সিং ভদোৰিয়া, নৌ সেনা অধ্যক্ষ কৰমবীৰ সিংৰ লগতে ক্ৰিকেটাৰ শচীন ৰমেশ তেণ্ডলকাৰ।

ভাৰতীয় বায়ু সেনাৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত বায়ু সেনাৰ যুজাৰু বিমান মিগ-২৯ উৰুৱালে উইং কামাণ্ডাৰ অভিনন্দন বৰ্তমানে। কেৰালাৰ বানপীড়িত সকলক উদ্ধাৰ অভিযানৰ সময়ত সৱল প্ৰদক্ষেপ গ্ৰহ কৰা আন এগৰাকী উইং কামাণ্ডাৰ ভুবেন্দ্ৰ নায়াৰক বায়ু সেনাৰ মেডেলেৰে সন্মানিত কৰা হয়।