মুখ্য-পৃষ্ঠা

৭২ সংখ্যক সেনা দিৱসত কি ক’লে সেনা মুৰব্বী মনোজ মুকুণ্ড নাৰৱানে…

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে পালন কৰা হয় ৭২ সংখ্যক সেনা দিৱস। ১৯৪৯চনৰ ১৫ জানুৱাৰীত জেনেৰেল কে এম কৰিয়াপ্পাই প্ৰথমবাৰলৈ ভাৰতীয় স্থল সেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তাৰ পূৰ্বে এই পদত ব্ৰিটিছ সেনা বিষয়াই পালন কৰিছিল এই দায়িত্ব। জেনেৰেল কে এম কৰিয়াপ্পা ব্ৰিটিছ কমাণ্ডাৰ জেনেৰেল ছাৰ ফ্ৰান্সিছ ৰ'বাৰ্ট ৰায় বুসৰ পৰা গ্ৰহণ কৰিছিল এই দায়িত্ব।

উল্লেখ্য যে, ছাৰ ফ্ৰান্সিছ আছিল অন্তিমজন কমাণ্ডাৰ ইন চীফ। তেওঁ ১ জানুৱাৰী, ১৯৪৮ৰ পৰা ১৫ জানুৱাৰী ১৯৪৯লৈ কমাণ্ডাৰ ইন চীফৰ দায়িত্বত আছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ব্ৰিটিছ সেনা বিষয়াগৰাকীয়েই আছিল পদত। জেনেৰেল কৰিয়াপ্পাই আৰ্মী চীফৰ দায়িত্ব লোৱাৰ পূৰ্বে এই পদত দুজন ব্ৰিটিছ বিষয়াই দায়িত্ব পালন কৰিছিল।

৭২ সংখ্যক সেনা দিৱসত আৰ্মী চীফ মনোজ মুকুণ্ড নাৰৱানে কয় যে জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাতো এক ঐতিহাসিক পদক্ষেপ। ইয়াৰ দ্বাৰা জম্মু-কাশ্মীৰক মুখ্য ধাৰাৰ সৈতে সংযোগ কৰাত সহায় হ'ব। লগতে তেওঁ কয়- সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি সকলো ধৰণৰ চেষ্টা কৰিম। সেনা জোৱানসকল বহু সমস্যাৰ মাজতো নিজৰ দায়িত্ব পালন কৰি আছে। কিন্তু তেওঁলোকৰ স্থান প্ৰতিজন দেশবাসীৰ হৃদয়ত আছে।