মুখ্য-পৃষ্ঠা

মুখ্যমন্ত্ৰীৰ নেতৃ্ত্বত ‘কা’বিৰোধী প্ৰতিবাদঃ ৬০ লাখ লোকৰ ৬২০ কিঃমিঃ জোৰা মানৱ শৃংখল…

asomiyapratidin

ডিজিটেল ডেস্কঃ সংশোধিত নাগৰিকত্ব আইনক লৈ দেশৰ ভিন্ন প্ৰান্ত অব্যাহত আছে প্ৰতিবাদ আৰু সমদল। চৰকাৰী পক্ষই আইনখনৰ বিৰুদ্ধে সমদল বাহিৰ কৰাৰ বিপৰীতে বিভিন্ন দল-সংগঠনৰ নেতৃত্বত সৰ্বসাধাৰণ ৰাইজে অব্যাহত ৰাখিছে কা' বিৰোধী প্ৰতিবাদ। আইনখনক লৈ দেশৰ চলি থকা বাদ-প্ৰতিবাদৰ মাজতে যোৱা ২৬ জানুৱাৰীত কেৰালাৰ তিৰুৱন্তপুৰমত সাব্যস্ত হ'ল এক অভিনৱ প্ৰতিবাদ।

কা'ৰ বিৰোধিতাৰে গণৰাজ্য দিৱসৰ দিনাই ৰাজ্যখনত চি পি আই এম আৰু বাওঁ গণতান্তিক মৰ্চাই আহ্বান কৰা এক প্ৰতিবাদত অংশ লয় প্ৰায় ৬০ লাখ লোকে।

চি পি আই এম আৰু বাওঁ গণতান্তিক মৰ্চাই বহু বিৰ্তকিত আইনখনৰ বিৰুদ্ধে ৰাজ্যখনৰ উত্তৰ প্ৰান্তৰ পৰা দক্ষিণ প্ৰান্তলৈ প্ৰায় ৬২০ কিঃমিঃ জোৰা মানৱ শৃংখল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজপথৰ কাষেৰে উলিওৱা এই দীৰ্ঘ মানৱ শৃংখলৰ লগতে প্ৰতিবাদকাৰী সকলে একেলগে পাঠ কৰে সংবিধানৰ প্ৰস্তাৱনা।

বিয়লি ৪ বজাত উলিওৱা এই মানৱ শৃংখলত অংশ লয় কেৰেলাৰ মুখ্যমন্ত্ৰী পিনৰাই সুন্দৰমেও। সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰাৰ সমান্তৰালভাৱে প্ৰতিবাদকাৰী সকলে সংবিধান ৰক্ষা কৰাৰ বাবে শপতো লয়। উল্লেখ্য যে, ৬২০ কিঃমিঃ জোৰা এই মানৱ শৃংখলৰ প্ৰথমজন ব্যক্তি আছিল মুখ্যমন্ত্ৰী পিনৰাই সুন্দৰম।