Assamese Actress
Assamese Actress 
মুখ্য-পৃষ্ঠা

6 Assamese Actress who made Assam Proud: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকা অসমীয়া অভিনেত্ৰী

Asomiya Pratidin

ডিজিটেল ডেস্ক:6 Assamese Actress who made Assam Proud: বহু অসমীয়াই তেওঁলোকৰ নিজৰ নিজৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰি অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে।অভিনয় জগতৰতো কথাই সুকীয়া।অসমৰ চুক-কোণৰ পৰা নিজৰ প্ৰতিভাৰ বলত এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ পৰিচয় দিছে বহু কেইগৰাকী অভিনেত্ৰীয়ে। তেওঁলোকৰ ভিতৰত-

সীমা বিশ্বাস 

অসমৰ থিয়েটাৰৰ পৰা বলীউডৰ ছবিলৈ সীমা বিশ্বাসৰ আছে এক অতি সফল যাত্ৰা। নলবাৰীত জন্ম লাভ কৰা অভিনেত্ৰীগৰাকীৰ পিতৃৰ নাম জগদীশ বিশ্বাস আৰু মাতৃ মীৰা বিশ্বাস।তেওঁ নলবাৰীতে স্কুলীয়া শিক্ষা আৰম্ভ কৰি নলবাৰী মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।ইয়াৰ পাছতে ‘নেশ্যনেল স্কুল অফ ড্ৰামা’ত তেওঁ অভিনয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে।তেওঁ অসম তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ থিয়েটাৰত অভিনয় কৰাৰ লগতে বহু কেইখন সফল হিন্দী ছবিতো অভিনয় কৰিছে।শেখৰ কাপুৰৰ ছবি ‘বেন্দিত কুইন’ত ফুলন দেৱীৰ চৰিত্ৰত অভিনয় কৰি সীমা বিশ্বাসে অভিনয় জগতত নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হয়।এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। দীপা মেহতাৰ ‘পানী’ ছবিখনৰ বাবে তেওঁ সংগীত নাটক একাডেমী আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ জিনি বঁটা লাভ কৰাৰ লগতে ‘খাম’চী-দ্য মিউজিকেল’ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহ-অভিনেত্ৰী, ‘ভূত’, ‘বিবাহ’ আৰু ‘গাৰ্লফ্ৰেণ্ড’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা লাভ কৰে।হিন্দীৰ লগতে মাৰাঠী, মালায়ালম, ইংৰাজী, বাঙালী, গুজৰাটী, তামিল, ভোজপুৰীকে ধৰি বহু ভাষাৰ ছবিত তেওঁ অভিনয় কৰিছে। শেহতীয়াকৈ তেওঁক বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত ছবি ‘বচ্ছন পাণ্ডে’ত ‘মিছেছ পাণ্ডে’ৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল।

Seema Biswas

পাঞ্চী বৰা

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজলোৱা আন এগৰাকী অভিনেত্ৰী পঞ্চী বৰা।পাঞ্চীৰ ঘৰ অসমত যদিও তেওঁৰ সেনা বিষয়া পিতৃৰ অৱসৰৰ পাছত তেওঁলোক পুনেত থাকিবলৈ লয়।পাঞ্চীয়ে পুনেৰ আইন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সেই সময়তে তেওঁ বহুকেইটা বিজ্ঞাপনত অভিনয় কৰাৰ সুযোগ লাভ কৰে।ইয়াৰ পাছতে ‘টেলিভিছন কুইন’ একতা কাপুৰৰ ধাৰাবাহিক ‘কিতনি মষ্ট হে জিন্দেগী’ত অভিনয় কৰে।এই ধাৰাবাহিকখনত তেওঁ এগৰাকী ৰেডিঅ জ’কীৰ চৰিত্ৰত অভিনয় কৰি দেশবাসীৰ মাজত খুবেই জনপ্ৰিয় হৈ পৰে।পৰৰ্ৱতী সময়ত পাঞ্চীয়ে একতা কাপুৰৰ আন এখন ধাৰাবাহিক ‘কায়ামত’ আৰু ‘ষ্টাৰ প্লাছ’ৰ ‘বিদায়’ত অভিনয় কৰে।২০১০ চনত ৰাছিয়ান ধাৰাবাহিক ‘দ্য হিন্দু-দ্য ইণ্ডিয়ান’ত তেওঁ অভিনয় কৰাৰ সুযোগ পায়।পাঞ্চীয়ে বহু কেইখন তেলেগু ছবিতো অভিনয় কৰিছে। অতুলনীয় অভিনয় দক্ষতাৰ বাবে এইগৰাকী অভিনেত্ৰীয়ে বহু পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হৈছে।

দেৱলীনা ভট্টাচাৰ্য

এইগৰাকী বহুচৰ্চিত অভিনেত্ৰী তেওঁৰ নামতকৈ সমগ্ৰ দেশতে ‘গোপী বহু’ হিচাপেহে বেছি পৰিচিত।অতি জনপ্ৰিয় হিন্দী ধাৰাবাহিক ‘ছাথ নিভানা ছথিয়া’ত দেৱলীনায়ে ‘গোপী বহু’ৰ চৰিত্ৰত অভিনয় কৰিছিল।শিৱসাগৰত জন্মগ্ৰহণ কৰা দেৱলীনায়ে ‘ছাৱৰে ছৱকে ছপনে প্ৰীত’ ধাৰাবাহিকখনতো অন্যতম মূখ্য চৰিত্ৰত অভিনয় কৰিছিল। দেৱলীনাই চৰ্চিত ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৩’ত প্ৰতিযোগী হিচাপে আৰু এই শ্ব’টোৰ ১৪ আৰু ১৫ সংস্কৰণতো অংশ লৈছিল।ছ’ছিয়েল মেডিয়াত অত্যন্ত সক্ৰিয় দেৱলীনাই বহু কেইখন হিন্দী ছবিত বিশেষ চৰিত্ৰত অভিনয় কৰাৰো সুযোগ লাভ কৰিছে।

Devoleena Battacharya

ৰিম্পি দাস

ৰিম্পি দাসৰ জন্ম তিনিচুকীয়া জিলাত।তেওঁ অসমীয়া ছবি ‘মনত বিৰিণাৰ পাত’ৰ জৰিয়তে দৰ্শৰ মাজত আত্মপ্ৰকাশ কৰিছিল।ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ‘মন যায়’ আৰু ‘অজেঅ’ৰ লগতে বহু অসমীয়া ছবিত দুৰ্দান্ত অভিনয় কৰাৰ পাছত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ধাৰাবাহিকত অভিনয়ৰ সুবিধা লাভ কৰে।এইগৰাকী অভিনেত্ৰীয়ে ‘ছিয়া কে ৰাম’, ‘মহাকালি:অন্ত হী আৰম্ভ হে’, ‘ছাবধান ইণ্ডিয়া’ ‘আকবৰ বীৰবল’ আদি ধাৰাবাহিকত গুৰুত্বপূৰ্ণ অভিনয় কৰি দেশবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

Rimpy Das

প্লাবিতা বৰঠাকুৰ

দুলীয়াজানত জন্মগ্ৰহণ কৰা প্লাবিতা বৰঠাকুৰে বলীউডৰ ব্লকবাষ্টাৰ ছবি ‘পিকে’ত অনুস্কা শৰ্মাৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত যথেষ্ট সমাদৃত হৈছিল।তেওঁ ‘লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা’ ছবিখনতো এক বিশেষ চৰিত্ৰত অভিনয় কৰিছিল।

Plabita Barthakur

সুৰভী দাস

সুৰভী দাসৰ জন্ম নলবাৰী জিলাত।তেওঁৰ পিতৃৰ নাম ছবিন দাস আৰু মাতৃ ৰুক্মিনী দাস।সুৰভীয়ে গুৱাহাটীৰ কালিৰাম বৰা ছোৱালী উচ্চ বিদ্যালয়ত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।তেওঁ এগৰাকী মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল।সুৰভীয়ে অসমীয়া ধাৰাবাহিক ‘পৰিণীতা’ৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল।এইগৰাকী অভিনেত্ৰীক বহুকেইটা অসমীয়া গানৰ ভিডিঅটো দৰ্শকে দেখিবলৈ পাইছে। সুৰভীয়ে কালাৰছ টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ‘নিমা ডেনজংপা’ত মূখ্য চৰিত্ৰত অভিনয় কৰি দেশবাসীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Surabhi Das

সুকন্যা বৰুৱা 

সুকন্যা বৰুৱাই কালাৰছ টিভিৰ খুবেই জনপ্ৰিয় ধাৰাবাহিক ‘নিমা ডেনজংপা’ত অভিনয় কৰি সমগ্ৰ ভাৰতবাসীৰ মাজত চিনাকি হৈ পৰিছিল।এইগৰাকী মডেল তথা অভিনেত্ৰীয়ে বহু কেইটা অসমীয়া গানৰ ভিডিঅটো অভিনয় কৰি তেওঁ প্ৰতিভাৰ প্ৰমাণ দিছে।

Sukanya Baruah