মুখ্য-পৃষ্ঠা

সামাজিক দুৰত্ব বজাই নাৰাখিলে ৩হাজাৰ টকা জৰিমণা…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ সকলো ৰাজ্যত পৃথক পৃথকভাৱে গ্ৰহণ কৰা হৈছে প্ৰতিৰোধমূলক ব্যৱস্থা। জম্মু-কাশ্মীৰতো কোৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ নীতি-নিয়মৰ ক্ষেত্ৰত কঠোৰ হৈছে প্ৰশাসন। প্ৰশাসনে নিৰ্ধাৰণ কৰিছে যে, যিসকলে কোৱাৰেন্টাইনত থকাৰ সময়ত চৰকাৰী বিধি উলংঘা কৰে তেওঁলোকক ২০০০টকাৰ জৰিমণা, ৰাজহুৱা স্থানত থুঁ পেলালে ৫০০টকা, সামাজিক দুৰত্ব বজাই নাৰাখিলে ২০০০-৩০০০টকা পৰ্যন্ত জৰিমণা বিহিছে জম্মু-কাশ্মীৰ প্ৰশাসনে।