মুখ্য-পৃষ্ঠা

দেশৰ ৫০জনকৈ চিকিৎসক-চিকিৎসা কৰ্মী আক্ৰান্ত COVID-19ত…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। কোৰোনা ভাইৰাছ সংক্ৰমণৰ পৰা সাৰি যোৱা নাই চিকিৎসক তথা চিকিৎসা কৰ্মীসকলো। দেশত বৰ্তমানলৈ প্ৰায় ৫০জন চিকিৎসক আৰু চিকিৎসালয়ৰ কৰ্মী আক্ৰান্ত হৈছে এই ভাইৰাছত।

বৃহস্পতিবাৰেও দিল্লীস্থিত এইমছৰ এজন চিকিৎসকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিধৰা পৰিছে বুলি জানিব পৰা গৈছে। দিল্লীতেই বৰ্তমানলৈ ৭জন চিকিৎসক COVID-19ত আক্ৰান্ত হৈছে। আনহাতে, বুধবাৰে ছফদৰ্গঞ্জ হাস্পতালত দুজন চিকিৎসক এই কোৰোনাতআক্ৰান্ত হৈছিল। জানিব পৰা মতে, কোৰোনাত আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰা সময়তে এইভাইৰাছত আক্ৰান্ত হৈছিল চিকিৎসকদ্বয়।

উল্লেখ্য যে, সমগ্ৰ দেশত বৰ্তমানলৈ ২৩০০ৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনাভাইৰাছত। ইফালে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬৯জনলৈ বৃ্দ্ধি পাইছে।আৰু COVID-19ত আক্ৰান্ত হোৱা ১৮১জন লোক সুস্থ হৈউঠিছে।