মুখ্য-পৃষ্ঠা

গুজৰাটৰ কেমিকেল ফেক্টৰীত বিস্ফোৰণ, গুৰুতৰভাৱে আহত ৪০জন…

asomiyapratidin

ডিজিটেল ডেস্কঃ গুজৰাটৰ ডহেজ এলেকাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। ডহেজস্থিত এটা কেমিকেল ফেক্টৰীত বিস্ফোৰণৰ পাছত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ। এই ঘটনাত গুৰুতৰভাৱে আহত হয় ৪০জনকৈ লোক। ইফালে, জুই নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ১০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।

ঘটনা সন্দৰ্ভত এগৰাকী বিষয়াই সাংবাদিকৰ আগত কয়- বিস্ফোৰণ তথা অগ্নিকাণ্ডৰ পাছতো ফেক্টৰীটোৰ কাষৰ গাঁওবোৰৰ পৰা লোকসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে। ইফালে, কালেক্টৰজনে কয় যে, ফেক্টৰীটোৰ চৌদিশে জুই বিয়পি পৰিছে। আৰু কেমিকেল প্লানটোৰ কাষৰ দুখন গাঁওবাসীক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে।