প্ৰতীকি ফটো
প্ৰতীকি ফটো kashmir
মুখ্য-পৃষ্ঠা

কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৪ সন্ত্ৰাসবাদী

Asomiya Pratidin

ডিজিটেল ডেস্ক: মঙলবাৰে দক্ষিণ কাশ্মীৰত নিৰাপত্তাৰক্ষীয়ে চলাই গৈছে এটাৰ পিছত আনটো সন্ত্ৰাসবাদী বিৰোধী অভিযান। এই অভিযানত বৰ্তমান পৰ্যন্ত চাৰিজন সন্ত্ৰাসবাদী নিহত হৈছে।

আৰক্ষীয়ে জনাই যে নিহত কেইজনৰ ভিতৰত ৩ সন্ত্ৰাসবাদী অৱন্তীপোৰা অঞ্চলৰ এনকাউন্টাৰত আৰু এজন বিজবেহাৰা অঞ্চলত নিহত হয়।

সূত্ৰ অনুসৰি জানিব পৰা মতে সন্ত্ৰাসবাদী কেইজনে নিৰাপত্তা বাহিনীৰ শিবিৰ ফিদায়েইন আক্ৰমণ কৰিবলৈ গৈ আছিল। তেওঁলোকৰ পৰা একে-৭৪ ৰাইফল, এটা একে-৫৬ ৰাইফল আৰু ১ টা পিষ্টল উদ্ধাৰ কৰা হৈছে।