মুখ্য-পৃষ্ঠা

উৎসৱৰ বতৰত ৰেলত উঠিছে টকাৰ উজানঃ নথিবিহীন ভাৱে কঢ়িয়াই নিয়া ৩ কোটিৰো অধিক টকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ এইবাৰ চলন্ত উদ্ধাৰ হৈছে কোটিৰ ঘৰত টকা। দুজন যাত্ৰীয়ে মোনাত লৈ অহা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৩ কোটিৰো অধিক টকা। মহানন্দ এক্সপ্ৰেছত যাত্ৰা কৰা দুজন লোকৰ পৰা উদ্ধাৰ কৰা হৈছে এই বৃহৎ পৰিমাণৰ ধনৰাশী।

এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ খাণ্ডৱাত। মহাানন্দ এক্সপ্ৰেছত আৰক্ষীয়ে বাৰাণসীৰ পৰা মুম্বাইলৈ যাত্ৰা কৰা দুজন ব্যক্তিৰ পৰা ৩.২০ কোটি টকাৰ নগদ ধন জব্দ কৰিছে।

খাণ্ডৱাৰ চৰকাৰী ৰে'ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ববিতা কাথেৰিয়াই এই বিষয়ত কয় যে, নগদ ধন জব্দ কৰাৰ পিছত লোক দুজনক জিম্মাত লোৱা হৈছে। তেওঁ কয়, গোপন সূত্ৰে এই বিষয়ে তথ্য লাভ কৰাৰ পিছত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াসকলে জিআৰপি আৰু ৰে'ল সুৰক্ষা বাহিনীৰ সহায়ত মহানন্দ এক্সপ্ৰেছৰ দুটা ডবাত তালাচী চলাইছিল।

তালাচীৰ সময়ত দুজন যাত্ৰীৰ পৰা ৩.২০ কোটি নোট জব্দ কৰা হৈছিল। দুয়োজন ব্যক্তিৰ ওচৰত নগদ ধনসম্পৰ্কীয় কোনো নথি নাছিল।