মুখ্য-পৃষ্ঠা

৫ মাহৰ পাছত কাশ্মীৰত মুকলি 2G ইন্টাৰনেট সেৱা, কিন্তু ব্যৱহাৰ কৰিব পাৰিব কেৱল…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰায় ৫ মাহৰ অন্তত শুকুৰবাৰে নিশাৰ পৰা কাশ্মীৰত পোষ্টপেড আৰু প্ৰিপেড ফোনত 2G ম'বাইল ইন্টাৰনেট সেৱা পুনৰ মুকলি কৰি দিয়া হৈছে। এই সন্দৰ্ভত জাৰি কৰা হৈছে এক নিৰ্দেশ। অৱশ্যে জম্মু-কাশ্মীৰ প্ৰশাসনৰ দ্বাৰা মঞ্জুৰ কৰা ৩০১টা ৱেবছাইটহে ব্যৱহাৰ কৰিব পাৰিব ব্যৱহাৰকাৰীসকলে।

উল্লেখ্য যে, যিবোৰ ৱেবছাইটৰ মঞ্জুৰি প্ৰদান কৰা হৈছে সেয়া ইঞ্জিন আৰু বেংকিং, শিক্ষা, বাতৰি, যাত্ৰা, নিযুক্তি আদিৰ সৈতে জড়িত। জম্মুৰ ১০খন জিলা আৰু কাশ্মীৰৰ দুখন জিলা ক্ৰমে কুপৱাড়া আৰু বান্দীপোৰাত পূৰ্বৰে পৰা 2G ইন্টাৰনেট সেৱা মুকলি কৰা হৈছিল।

যোৱা ৫ আগষ্ট, ২০১৯ত জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছৰে পৰা এই সেৱাসমূহ বন্ধ কৰি ৰখা হৈছিল। কাশ্মীৰত ইন্টাৰনেট সেৱা মুকলি কৰাৰ পাছত কিছু হ'লেও সকাহ পাব স্থানীয় ৰাইজে।