মুখ্য-পৃষ্ঠা

ডিমাপুৰত ২কোটি টকাৰ চোৰাং চুপাৰি জব্দ আছাম ৰাইফলৰ…

asomiyapratidin


ডিজিটেল সংবাদ ৱাখাঃ সমগ্ৰ দেশজুৰি কঠোৰ লকডাউন চলি থকাৰ মাজতে নাগালেণ্ডৰ পৰা দিল্লীলৈ সৰবৰাহ হৈ আছে চোৰাং বাৰ্মিজ চুপাৰি ৰমৰমীয়া ব্যৱসায় । বিশেষ খবৰৰ ভিত্তিত আছাম ৰাইফলছে দেওবাৰে ডিমাপুৰৰ পদুম পুখুৰী অঞ্চলত অভিযান চলাই প্ৰায় ২ কোটি টকাৰ মূল্যৰ বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ।

এটা আন্তঃৰাষ্ট্ৰীয় চোৰাং চুপাৰি চক্ৰই ম্যানমাৰ পৰা অনা চুপাৰি ডিমাপুৰৰ পদুম পুখুৰী অঞ্চলৰ এটা ঘৰত মজুত কৰি ৰাখিছিল । আছাম ৰাইফলছে অভিযান চলাই ৪০ বেগ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়। পিছত আছাম ৰাইফলছে চুপাৰিখিনি শুল্ক বিভাগক চমজায় দিয়ে ।

উল্লেখযোগ্য ডিমাপুৰৰ এটা চক্ৰই দৈনিক কোটি কোটি টকাৰ চোৰাং বাৰ্মিজ চুপাৰি দিল্লী আৰু মহাৰাষ্ট্ৰলৈ সৰবৰাহ কৰি আহিছে