- উত্তৰ প্ৰদেশৰ সোনভদ্ৰাত ভূমি সংক্ৰান্তীয় কাৰণত সংঘটিত গুলীবৰ্ষণ কাণ্ডৰে জড়িত ২৯ জনক গ্ৰেপ্তাৰ।
- এই তথ্য সদৰি কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
- আৰক্ষীয়ে উদ্ধাৰ কৰিছে গুলীবৰ্ষণত ব্যৱহৃত এটা চিংগল বেৰেল গান, ৩টা ডাবল বেৰেল গান।
- ঘটনাত ব্যৱহাৰ কৰা এটা ৰাইফলো উদ্ধাৰ হোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
- উল্লেখ্য যে, সোনভদ্ৰাত ভূমি সংক্ৰান্তীয় কাৰণত ৩টা ফৈদৰ মাজত চলা গুলিয়াগুলীত নিহত হৈছিল ১০ জন লোক।
- ঘটনাৰ পিছতো অপৰাধীক কৰায়ত্ব কৰাৰ বাবে অনুসন্ধানত তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
- ইফালে, এই ঘটনাৰ পিছতে যোগী আদিত্যনাথ চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি প্ৰশ্ন তুলিছে বিৰোধীয়ে।