মুখ্য-পৃষ্ঠা

অসমে বাজেটৰ পৰা বিশেষ একো নাপালে, কৃষি খণ্ডৰ বাবে কৰা ঘোষণা আদৰণীয়…

asomiyapratidin

? বেদব্ৰত বৰা

২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি বাজেট দাখিল কৰিছে দেখাত ইয়াৰ জৰিয়তে সাধাৰণ মানুহে যথেষ্ট সকাহ পোৱা যেন লাগিছে যদিও আওপকীয়াকৈ এই বাজেটখনে সাধাৰণ জনতাৰ অৰ্থনীতিৰ ক্ষেত্ৰত সাংঘাটিক ধৰণে বিকাশ হ'ব বুলি কব পৰা নাযায়। যদিওবা জি ডি পি ১০ শতাংশ পৰ্যন্ত বৃদ্ধি হ'ব বুলি কৈছে। তৎসত্বেও বৰ্তমান জি ডি পিৰ যি বিকাশৰ হাৰ তাক পৰ্যালোচনা বা সেইবিষয়ে আলোচনা কৰিলে স্বাভাৱিকতে অনুমান কৰিব পাৰি যে, হঠাৎ জাপ মাৰি ৩.৫ বা ৪ শতাংশ জি ডি পি পৰা ১ বছৰ/৬ মাহৰ ভিতৰত ৬ শতাংশ জি ডি পি কেতিয়াও বৃদ্ধি নাপায়।

দ্বিতীয় লক্ষণীয় কথাটো হ'ল যে, বাজেট দাখিল কৰাৰ লগে লগে চেনচেক্স হ্ৰাস পোৱা ঘটনাই এক বিশেষ দিশ উন্মোচিত কৰিছে। যদি বাজেটখনে সাধাৰণ জনতাই ইতিবাচক দৃষ্টিভংগীৰে বা দেশৰ বিকাশৰ ক্ষেত্ৰত সাংঘাটিক ধৰণৰ প্ৰভাৱ পেলাব বুলি ধাৰণা হয়, তেতিয়া চেনচেক্স বৃদ্ধি পায়। কিন্তু এইবাৰৰ বাজেট দাখিলৰ পৰৱৰ্তী সময়ত প্ৰতিটো ক্ষেত্ৰতে চেনচেক্স তললৈ অহা পৰিলক্ষিত হ'ল।

বাজেটখনত আৰু এটা লক্ষ্যণীয় দিশ হ'ল, অসম তথা উত্তৰ-পূৰ্বে বাজেটৰ পৰা সদায়ে বিশেষ কিবা এটা আশা কৰো। এই বাজেটখনত তেনে একো আশাবঞ্জক উপহাৰ কেন্দ্ৰ চৰকাৰে প্ৰদান নকৰিলে। এক কথাত কবলৈ হ'লে উত্তৰ-পূৰ্বাঞ্চল বা অসমৰ বাবে বাজেটে বিশেষ একো নিদিলে। কিন্তু তাৰ পৰিৱৰ্তে জম্মু-কাশ্মীৰ আৰু লডাখক কেইবা হাজাৰ কোটিৰ টকাৰ পেকেজ আৱন্টন কৰা হৈছে। তাৰ বিপৰীতে উত্তৰ-পূব, অসমৰ বিকাশৰ বাবে কোনো পুজিঁ বাজেটত ধাৰ্য কৰা নহ'ল।

কিন্তু তাৰ মাজতে বাজেটখনত এটা আশাবঞ্জক দিশ আমি লক্ষ্য কৰিছো, কৃষি আৰু কৃষকৰ উন্নয়নৰ বাবে কিছু প্ৰদক্ষেপ গ্ৰহণ কৰা হৈছে। সেই প্ৰদক্ষেপ আদৰণীয়। যিহেতু কৃষিখণ্ডত বিগত সময়চোৱাত ৰাজ্যখনত সম্পূৰ্ণৰূপে বিকাশৰ দিশটো স্হবিৰ হৈ পৰিছিল। সেইহেতুকে কৃষিক্ষেত্ৰৰ যোগেদি কিছু কাৰ্যপন্থা গ্ৰহণ কৰি বিকাশৰ ধাৰা চলাই নিবলৈ পৰিকল্পনা কৰা হৈছে, সেয়া নিশ্চয়কৈ আদৰণীয়।

বাজেটত কৰ সংগ্ৰহৰ প্ৰক্ৰিয়া পৰিৱৰ্তন কৰা হৈছে। বছৰি ৫ লাখ টকাৰ ভিতৰত উপাৰ্জনকাৰী সকলে কোনো কৰ ভৰিব নালাগে। ইয়াৰোপৰি পূৰ্বতকৈ কৰৰ হাৰ এই বাজেটত হ্ৰাস কৰা হৈছে। ৫- ৭.৫ লাখ টকাৰ ভিতৰত উপাৰ্জনকাৰীসকলে দিব লাগিব ১০ শতাংশ আয়কৰ। পূৰ্বে ইয়াৰ পৰিমাণ আছিল ২০ শতাংশ। আনহাতে ৭.৫- ১০ লাখ টকা উপাৰ্জনকাৰীসকলে ১৫ শতাংশ কৰ দিব লাগিব। পূৰ্বে ইয়াৰ পৰিমাণ আছিল ২০ শতাংশ। ১০-১২ লাখ টকা উপাৰ্জনকাৰীসকলে দিব লাগিব ২০ শতাংশ আয়কৰ। পূৰ্বে ইয়াৰ পৰিমাণ আছিল ৩০ শতাংশ। ১২-১৫ লাখ টকা উপাৰ্জন কৰাসকলে ২৫ শতাংশ আয়কৰ দিব লাগিব। পূৰ্বে ইয়াৰ পৰিমাণ আছিল ৩০ শতাংশ। ইফালে ১৫ লাখৰ অধিক টকা উপাৰ্জনকাৰীসকলে ৩০ শতাংশ আয়কৰ ভৰিব লাগিব বুলি বাজেটত উল্লেখ কৰা হৈছে।

কিন্তু আয়কৰ ক্ষেত্ৰত পুৰণা আৰু নতুন পদ্ধতি প্ৰযোজ্য হ'ব বুলি কৰা ঘোষণাই সাধাৰণ জনতাৰ মনত এক জটিলতাৰ সৃষ্টি কৰিব। গুৰুত্বপূৰ্ণ কথাটো হ'ল বিকাশৰ লক্ষ্য ৰাখিবৰ বাবে পুঁজি কৰ পৰা আহিব, কোন কোন অংশৰ পৰা ধন সংগ্ৰহ কৰা হ'ব, বাজেটত সেই গাথঁনি অতি দুৰ্বল। আৰু সেয়েহে ভাৰতৰ দৰে ১৩০ কোটি জনসংখ্যাৰ দেশৰ এখন বাজেটত সকলো শ্ৰেণীৰ মানুহ উপকৃত হ'ব পৰাকৈ বা বিকাশৰ হাৰ অধিক দৃঢ় কৰিব পৰাকৈ যিধৰণৰ প্ৰস্তাৱ বাজেটত থাকিব লাগে। সেইধৰণৰ প্ৰস্তাৱ কিন্তু সাধাৰণ দৃষ্টিত আমাৰ চকুত নুপৰিল। অৱশ্যে কেন্দ্ৰীয় বাজেট এখন সাংঘাটিক বিশাল বাজেট, গতিকে ইয়াৰ গভীৰতালৈ গৈ আমি কিছু দিশ পৰ্যালোচনা কৰিব লাগিব।

কিন্তু এটা কথা স্পষ্টভাৱে কব বিচাৰিছো, উগ্ৰপন্থী সমস্যাৰে জৰ্জৰিত উত্তৰ-পূবে বাজেটৰ পৰা যি সকাহ পাব লাগিছিল সেইধৰণৰ সকাহ লাভ নকৰিলে। পৰিকল্পনা শিতান যিহেতু নাই, গতিকে নতুনকৈ কোনো আচঁনি অসম তথা উত্তৰ-পূূবৰ ক্ষেত্ৰত গ্ৰহণ কৰা নহয়, সেয়া নিশ্চিত। সেই বিষয়টোৱে নিশ্চিতভাৱে উত্তৰ-পূববাসীক দুখ দিছে। বাজেট দাখিলৰ পিছতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিজিটেলকৰণৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ কথা কৈছে। প্ৰতিখন গাঁৱত ইন্টাৰনেট আৰু বিদ্যুতৰ ব্যৱস্থা কৰা হব বুলিও ঘোষণা কৰিছে। কিন্তু নতুন নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত বাজেটত বিশেষ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত নহ'ল।