মুখ্য-পৃষ্ঠা

২০১৯ৰ এপ্ৰিল-মে’ত দেশৰ সাধাৰণ নিৰ্বাচন! প্ৰস্তুতিত ব্যস্ত নিৰ্বাচন আয়োগ

asomiyapratidin

ডিজিটেল ডেস্কঃ 'এক দেশ, এক নিৰ্বাচন' সম্ভৱ নহ'ব ২০১৯ত। ল' কমিশ্যনে দেশৰ  লোকসভা নিৰ্বাচন আৰু ৰাজ্যসমূহৰ বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱৰ সন্দৰ্ভত আইনগত তথা অন্যান্য দিশসমূহ চিন্তা চৰ্চা কৰি আছে যদিও নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচন আৰু কেইখনমান ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত হৈ আছে।

আয়োগৰ সূত্ৰ অনুসৰি ২০১৯চনৰ এপ্ৰিল-মে'ৰ ভিতৰত লোকসভা নিৰ্বাচন আৰু কেইখনমান ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। ইয়াৰ বাবে আয়োগে অতিৰিক্ত ১৭.৪লাখ ভিভিপিএটি আৰু ১৩.৯৫ লাখ বেলট কাকত, ৯.৩ কণ্ট্ৰল ইউনিট সাজু কৰাৰ কাম আৰম্ভ কৰিছে।

লোকসভা নিৰ্বাচনৰ লগতে ৫খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। সেইকেইখন হ'ল অন্ধ্ৰ্প্ৰদেশ, তেলেংগানা, উৰিষ্যা, ছিকিম আৰু অৰুণাচলপ্ৰদেশ।

নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় ই ভি এমৰ কন্ট্ৰল ইউনিটসমূহ দুটা ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানে যোগান ধৰিব। ভাৰত ইলেক্ট্ৰিকেল লিমিটিডে আৰু ইলেক্ট্ৰনিক্ছ কৰ্পাৰেশ্যন অৱ ইণ্ডিয়া লিমিটিডে। সেইবোৰ আয়োগে ২০১৮ৰ ছেপ্টেম্বৰৰ ভিতৰত পাব বুলি আশা কৰিছে।