মুখ্য-পৃষ্ঠা

অসমৰ প্ৰত্যেকখন জিলাতে এতিয়া কোৰোনা ৰোগী! পুৱাই ৩৫গৰাকী লোকৰ দেহত ওলাল কোভিড-১৯..

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমত কোৰোনাই লৈছে ভয়ংকৰ ৰূপ। সোমবাৰে পুৱাই কোৰোনাত ৰাজ্যৰ ৩৫গৰাকী লোক আক্ৰান্ত হোৱাৰ কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আক্ৰান্ত এই ৩৫গৰাকী ১৮গৰাকী গোলাঘাটৰ, ৬গৰাকী কোকৰাঝাৰৰ,৫গৰাকী কৰিমগঞ্জৰ, তিনিচুকীয়া আৰু শিৱসাগৰৰ ২-২গৰাকী, যোৰহাট আৰু ধেমাজিৰ১-১গৰাকী। বৰ্তমান অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৪২৭গৰাকীলৈ বৃদ্ধি পাইছে।