মুখ্য-পৃষ্ঠা

আয়কৰ বিভাগৰ ১২ গৰাকী উচ্চপদস্থ বিষয়াক দিব বাধ্যতামূলক অৱসৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ আয়কৰ বিভাগৰ ১২ গৰাকী জ্যেষ্ঠ বিষয়াক বাধ্যতামূলক অৱসৰ দিব বিত্ত মন্ত্ৰীয়ে। চৰকাৰী চাকৰিৰ নিয়ম ৫৬ৰ অধীনত এই বিষয়াসকলক অব্যাহতি দিবলৈ প্ৰস্তুতি সম্পন্ন কৰিছে বিত্ত মন্ত্ৰণালয়ে।

অৱসৰ দিব বিচৰা সকলৰ মাজত আছে মুখ্য আয়ুক্ত, প্ৰধান আয়ুক্ত আৰু আয়ুক্তৰ দৰে পদবীত থকা উচ্চ পদস্থ বিষয়া। বিত্ত মন্ত্ৰণালয়ৰ এক সূত্ৰই সদৰি কৰিছে এই কথা।