মুখ্য-পৃষ্ঠা

কেবৰ বিৰুদ্ধে ওলাই আহিল এবিভিপি! সংগঠনটোৰ ১২ সদস্যই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত কৰিলে পদত্যাগ

asomiyapratidin

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পদত্যাগ কৰিলে ১২ গৰাকী এবিভিপি সদস্যই। দিল্লী বিশ্ববিদ্যালয়ৰ ১২ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী তথা এবিভিপি সদস্যই সংগঠনটোৰ পৰা পদত্যাগ কৰাৰ খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এবিভিপিৰ উত্তৰ পূব ক্ষেত্ৰৰ বিভিন্ন দায়িত্বত থকা ১২ গৰাকী সদস্যই কেবৰ বিৰোধিতা কৰি পদত্যাগ কৰা বুলি জানিবলৈ দিছে।

পদত্যাগ কৰা ছাত্ৰ-ছাত্ৰীসকল হৈছে ক্ৰমে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাধাৰণ সম্পাদক শেখ ৰাইছা তব্বচুম, যুটীয়া সম্পাদক লিজা গগৈ, যুটীয়া সম্পাদক বিষ্ণুপৰ্ণ দত্ত, ছাত্ৰ কল্যাণৰ সভাপতি নিয়ৰ শৰ্মা, ছাত্ৰ কল্যাণৰ সাধাৰণ তন্ময় মহন্ত, সাংস্কৃতিক সম্পাদক সৃষ্টি দে', সাংস্কৃতিক সম্পাদক ৰিয়ান দত্ত, ছাত্ৰ কল্যাণ সভাপতি শ্ৰদ্ধা সুমন চহৰীয়া, সাহিত্য সম্পাদক সাহিল আহমেদ, সমন্বয়ক অদিতি আৰু ছ'চিয়েল মিডিয়া হেড অনন্যা দত্ত।