মুখ্য-পৃষ্ঠা

শিক্ষালাভত বয়স হেঙাৰ হ’ব নোৱাৰে! চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকা ১০৫ বছৰীয়া আইতাগৰাকী

asomiyapratidin

ডিজিটেল ডেস্কঃ শিক্ষা লাভৰ কোনো বয়স নাথাকে। এনে বহু লোক আছে, যিয়ে বিভিন্ন কাৰণত জীৱনৰ আগছোৱাত শিক্ষা লাভৰ বঞ্চিত হৈ জীৱনৰ শেষৰ সময়ছোৱাত শিক্ষাত মনোনিৱেশ কৰিছে। সেয়াই যেন পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে কেৰালাৰ ভাগীৰথী আম্মাই। ১০৫ বছৰ বয়সত ভাগীৰথী আম্মাই দিলে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা।

কেৰেলাৰ ৰাজ্য সাক্ষৰতা মিছনৰ অধীনত ভাগীৰথী আম্মাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা দি নতুন ইতিহাস ৰচিবলৈ সক্ষম হৈছে। ভাগীৰথী আম্মাই সংবাদ মাধ্যমক জনোৱা মতে, তেওঁৰ সৰুতে পঢ়াৰ ইচ্ছা আছিল যদিও কম বয়সতে মাতৃক হেৰুৱাব লগা হৈছিল। যাৰ বাবে ভাতৃ-ভগ্নীৰ দায়িত্ব ল'বলৈ গৈ তেওঁ ৯ বছৰ বয়সত পঢ়াৰ সপোন ত্যাগ কৰিবলৈ বাধ্য হৈছিল। সেই সময়ত তেওঁ আছিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী।

জীৱনত বহু ঘাত প্ৰতিঘাত পাৰ হৈ আজি ১০৫ বছৰীয়া হৈছে ভাগীৰথী আম্মা। কিন্তু প্ৰখৰ স্মৃতিশক্তি সম্পন্ন ভাগৰথী আম্মাই জীৱনৰ এই বয়সতো পঢ়াৰ সপোন পুহি ৰাখিছিল। যাৰ ফলত ৰাজ্য সাক্ষৰতা মিছনৰ অধীনত পুনৰ তেওঁ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বহে। সাক্ষৰতা মিছনৰ সঞ্চালক পি এছ শ্ৰীকলাই কয় 'ভাগৰথী আম্মা সাক্ষৰতা মিছনৰ অধীনত কেৰেলাত শিক্ষা লাভ কৰা সকলোতকৈ বয়োজ্যেষ্ঠ মহিলা। তেওঁৰ এই পঢ়াৰ আগ্ৰহে আন বহুতৰে মনত অধ্যয়ণৰ প্ৰতি ধাউতি যোগাব বুলি আমি আশাবাদী।'