মুখ্য-পৃষ্ঠা

কলকতাত অসম সাহিত্য সভাৰ শতবর্ষ বিশেষ অনুষ্ঠানৰ আয়ােজন

asomiyapratidin

ডিজিটেল ডেস্কঃ কলকতা শাখা সাহিত্য সভাৰ উদ্যোগত কলকাতাৰ অসমীয়া সাংস্কৃতিক সংস্থাৰ সহযােগত অসম ভৱনত অহা ২০ পুহ, ১৪২৫ ভাস্কৰাব্দ (৫ জানুৱাৰী, ২০১৯ খ্রীষ্টাব্দ) তাৰিখে দিনজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ শতবর্ষ বিশেষ অনুষ্ঠানৰ আয়ােজন কৰা হৈছে। অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে মুখ্য অতিথিৰ আসন অলংকৃত কৰিব লগা অনুষ্ঠানটিত কলকাতাৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক বিভাস চক্রবর্তী আৰু বিশিষ্ট সাহিত্যিক ড০ ৰামকুমাৰ মুখপাধ্যায়, ড০ সুখবিলাস বার্মাই সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিব।

লগতে অসমৰ বিশিষ্ট সাহিত্যিক বিপুল দেউৰী আৰু অসমৰ জীয়ৰী বিশিষ্ট গায়িকা মন্দিৰা লাহিড়ীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠানটো উদ্বোধন কৰিব বিশিষ্ট বােলছবি অভিনেতা জর্জ বেকাৰে। অনুষ্ঠানত বিশিষ্ট নৃত্য শিল্পী দেৱযানী চলিহা, বিশিষ্ট বােলছবি অভিনেত্রী জয়া শীল ঘােষ, সংগীত পৰিচালক বিক্রম ঘােষ, বিশিষ্ট শিল্পী ডলি ঘোষ আৰু মধুমতী গোস্বামীক সম্বর্ধনা জনোৱা হব।

অনুষ্ঠানত আমন্ত্রিত শিল্পী হিচাবে অসমৰ মনােমিতা ৰায়, বিদ্যা সাগৰ, ভিতালী দাস, চয়নিকা ভূঞা আদিয়ে অংশগ্রহণ কৰিব। এই শতবর্ষ বিশেষ অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত ৰাইজক সবিনয়ে আমন্ত্রণ জনাইছে আয়োজক সমিতিয়ে।

আনহাতে, 'পশ্চিম বংগ, অসম আৰু ত্ৰিপুৰা' এই তিনি ৰাজ্যৰ সমন্বয়ত 'অসম সাহিত্য সভা আৰু আব্বাছ উদ্দিন স্মৰণ সমিতি, কোলকাতা'ৰ সহযোগিতাত বেৰেকপুৰ লোক উৎসৱ কল্যাণ সমিতিৰ দ্বাৰা আয়োজিত 'গংগা গোমতী ব্ৰহ্মপুত্ৰ লোক উৎসৱ-২০১৮' অহা ৫ আৰু ৬ জানুৱাৰী, ২০১৯ তাৰিখে বেৰেকপুৰৰ ঐতিহ্যমণ্ডিত 'সুকান্ত সদন' প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব।

উক্ত "গংগা গোমতী ব্ৰহ্মপুত্ৰ লোক উৎসৱ"ৰ ৬ জানুৱাৰীত অনুষ্ঠিত বিভিন্ন কাৰ্য্যসূচীত অসম সাহিত্য সভাৰ সজাতী দলটো আৰু শিল্পী বৃন্দই৷