মুখ্য-পৃষ্ঠা

Most Famous Awards & Highest Honors in the World: বিশ্বৰ সৰ্বাধিক বিখ্যাত বঁটা-সৰ্বোচ্চ সন্মান কি আপুনি জানেনে?

Asomiya Pratidin

ডিজিটেল ডেস্ক: পুৰস্কাৰ পাবলৈ কোনে নো বেয়া পায় ! বঁটা বা সন্মান হৈছে এক স্বীকৃতি।বঁটা কোনো এজন বিশেষ ব্যক্তিক প্ৰদান কৰা এক সন্মানৰ প্ৰতীক, যিয়ে সেই ব্যক্তিৰ যিকোনো মহান কামক স্বীকৃতি প্ৰদান কৰে।কোনো সন্মানেই সৰু নহয় যদিও এনে কিছুমান পুৰস্কাৰ আছে যিবোৰ বিশ্বজুৰি পৰিচিত।বিশ্বৰ শীৰ্ষৰ এনে ১০ টা বিখ্যাত বঁটাৰ বিষয়ে আজি জানো আহক-

ন’বেল বঁটা

বিশ্বত সৰ্বাধিক পৰিচিত তথা আটাইতকৈ বিখ্যাত বঁটা হৈছে ন’বেল বঁটা। কেৱল কেইজনমান নিৰ্বাচিত মানুহেহে ন’বেল বঁটা লাভ কৰিবলৈ সক্ষম হয়।এই বঁটা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ঔষধ, সাহিত্য, শান্তি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰদান কৰা হয়।ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেলৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৯০১ চনত পোন প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।প্ৰসিদ্ধ ভাৰতীয় কবি, সংগীতজ্ঞ তথা চিত্ৰশিল্পী ৰবীন্দ্ৰনাথ ঠাকুৰ ন'বেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয়।ন'বেল বঁটা লাভ কৰা দ্বিতীয়জন ভাৰতীয় আছিল ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰমন।

একাডেমী বঁটা

একাডেমী বঁটা অস্কাৰ বুলিহে অধিক পৰিচিত । এই বঁটা ছবি জগতৰ লগত জড়িত।প্ৰতি বছৰে অস্কাৰ প্ৰদান অনুষ্ঠানৰ শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ পৰিচালক হৈছে বিশ্ববাসীৰ আটাইতকৈ প্ৰতীক্ষিত ঘোষণা।এই বঁটা একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ (এএমপিএএছ)ৰ দ্বাৰা প্ৰতি বছৰে প্ৰদান কৰা হয়।

পুলিৎজাৰ বঁটা

যোচেফ পুলিৎজাৰৰ দ্বাৰা স্থাপিত এই বঁটা বাতৰি কাকত, আলোচনী, অনলাইন সাংবাদিকতা, সাহিত্য তথা সংগীত ৰচনাৰ ক্ষেত্ৰত প্ৰদান কৰা হয়। বিজয়ীয়ে এখন প্ৰমাণপত্ৰ আৰু পোন্ধৰ হাজাৰ আমেৰিকান ডলাৰ নগদ পুৰস্কাৰ হিচাপে লাভ কৰে। পুলিৎজাৰ ৱেবছাইটৰ মতে, কেৱল আমেৰিকান নাগৰিকেহে কিতাপ, নাটক আৰু সংগীতত এই বঁটাৰ বাবে আবেদন কৰিবলৈ যোগ্য।ইতিহাসৰ ক্ষেত্ৰত হ’লে কিতাপখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাস সম্বন্ধীয় হ'ব লাগিব যদিও লেখক যিকোনো ৰাষ্ট্ৰীয়তাৰ হ'ব পাৰে। এই বঁটাৰ বাবে আবেদন কৰা সাংবাদিকতাসকলো যিকোনো ৰাষ্ট্ৰৰে হ'ব পাৰে কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাতৰি কাকত, আলোচনী বা বাতৰি ছাইটত তেওঁলোকৰ লেখা নিয়মীয়াকৈ প্ৰকাশ পাব লাগিব।

ফিল্ডচ মেডেল

এই বঁটাক গণিতৰ ন’বেল বঁটা বুলিও কোৱা হয়। ফিল্ডছ মেডেল প্ৰতি চাৰি বছৰত ৪০বছৰৰ তলৰ দুই, তিনি বা চাৰিজন গণিতজ্ঞক প্ৰদান কৰা হয়। এই বঁটা কানাডিয়ান গণিতজ্ঞ জন চাৰ্লছ ফিল্ডছৰ নামত নামকৰণ কৰা হৈছে।এই বঁটা বিজয়ীসকলে পোন্ধৰ হাজাৰ ডলাৰ নগদ পুৰস্কাৰ লাভ কৰে। এবেল পুৰস্কাৰ আৰু চেৰ্ণ মেডেল হৈছে গণিত বিষয়ত প্ৰদান কৰা আন দুটা মূখ্য পুৰস্কাৰ।

গ্ৰেমী বঁটা

গ্ৰেমী আমেৰিকান মনোৰঞ্জন চক্ৰৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰবোৰৰ ভিতৰত অন্যতম।গ্ৰেমী বঁটাক গ্ৰামোফোন বঁটা বুলিও কোৱা হয়। সংগীত উদ্যোগত লাভ কৰা সফলতাৰ বাবে সবাতোকৈ যোগ্যজনক গ্ৰেমী দিয়া হয়।

ৰেমন মেগছেছে বঁটা

ৰেমন মেগছেছে বঁটাক এছিয়াৰ ন’বেল বঁটা হিচাপেও জনাজাত।ফিলিপাইনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰেমন মেগছেছেৰ শাসনত অখণ্ডতা, জনসাধাৰণৰ প্ৰতি সাহসী সেৱা আৰু গণতান্ত্ৰিক সমাজৰ ভিতৰত ব্যৱহাৰিক আদৰ্শবাদৰ উদাহৰণক চিৰস্থায়ী কৰিবলৈ ৰেমন মেগছেছে বঁটা প্ৰতিষ্ঠা কৰা হৈছিল। মেগছেছে বঁটাৰ বাবে আবেদন কৰাসকল এছিয়াৰ দেশসমূহৰে বাসিন্দা হ’ব লাগিব।

বুকাৰ বঁটা

বুকাৰ বঁটা বিশ্বৰ শীৰ্ষ সাহিত্য বঁটাসমূহৰ ভিতৰত অন্যতম। ইয়াক ইংৰাজী ভাষাত লিখা আৰু ইউকে আৰু আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ মূল উপন্যাসৰ বাবে দিয়া হয়।বুকাৰ বঁটা ১৯৬৮ চনত প্ৰতিষ্ঠা কৰা হয় যদিও ১৯৬৯ চনৰ পৰা প্ৰদান কৰি অহা হৈছে।আৰম্ভণিতে কেৱল কমনৱেলথ ৰাষ্ট্ৰসমূহ, আয়াৰলেণ্ড আৰু দক্ষিম আফ্ৰিকাৰ নাগৰিকসকলে লিখা উপন্যাসসমূহে এই বঁটা লাভ কৰিবলৈ যোগ্য আছিল। কিন্তু ২০১৪ চনত ইয়াক যিকোনো ইংৰাজী ভাষাৰ উপন্যাসলৈ প্ৰসাৰিত কৰা হৈছিল, এই পৰিৱৰ্তনে বহু বিতৰ্কৰো সূচনা কৰিছিল। উল্লেখ্য এই বঁটা মৰণোত্তৰভাৱে প্ৰদান কৰা নহয়।

মিচেলিন ষ্টাৰ

মিচেলিন ষ্টাৰ হৈছে ৰঙা মিচেলিন গাইডৰ দ্বাৰা তেওঁলোকৰ গুণগত মানদণ্ডৰ ওপৰত গ্ৰেড ৰেষ্টুৰেণ্টৰ বাবে ব্যৱহাৰ কৰা এক ৰেটিং প্ৰণালী। মিচেলিন ষ্টাৰ পোৱাটো ৰেষ্টুৰেণ্ট উদ্যোগৰ সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়।এই ষ্টাৰযুক্ত ৰেষ্টুৰেণ্টৰ তালিকা বছৰত এবাৰ ‘আপডেট’ কৰা হয়।

দ্য মাৰ্লিন এৱাৰ্ড

দ্য মাৰ্লিন এৱাৰ্ড যাদুৰ ক্ষেত্ৰখনৰ সৰ্বোচ্চ সন্মান।ইয়াক যাদুৰ একাডেমী বঁটা বুলিও কোৱা হয়। বহুয়ে এই মাৰ্লিন বঁটাত  পৰ্যৱেক্ষণৰ অভাৱ থাকে বুলিও মত প্ৰকাশ কৰে।

টুৰিং বঁটা

প্ৰতি বছৰে প্ৰদান কৰা এ এম টুৰিং বঁটা হৈছে কম্পিউটাৰ বিজ্ঞানৰ সৰ্বোচ্চ বঁটা।ইয়াক কম্পিউটিঙৰ নবেল বঁটা বুলিও কোৱা হয়। এই টুৰিং বঁটাত গুগলে প্ৰদান কৰা বিত্তীয় সমৰ্থনৰ সৈতে ১ নিযুত আমেৰিকান ডলাৰ পুৰস্কাৰ আছে।