মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. পেট্ৰ'ল-ডিজেলৰ লগতে অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী। শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে।

২. ৫ জুলাইৰ পৰা ১২ জুলাইলৈকে গুৱাহাটীত কিছু ক্ষেত্ৰত শিথিল হ'ব লকডাউন। সোমবাৰ আৰু বুধবাৰে গুৱাহাটীত পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈকে খুলিব পাৰিব গেলামালৰ দোকান।

৩. শিলচৰৰ ২ খন নাৰ্ছিংহোম বন্ধ কৰি দিলে স্বাস্থ্য বিভাগে। ২ খন ক্লিনিক আৰু ডায়গ্ন'ছিছ চেন্টাৰো বন্ধ কৰি দিয়া হয়। কোভিড-১৯ পজিটিভ ৰোগী ধৰা পৰাৰ বাবে এই ব্যৱস্থা লোৱা হয়।

৪. বটদ্ৰৱাৰ ঢাকাইবস্তিত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন কিশোৰৰ। মৃত্যু হোৱা কিশোৰজন আনিজুল হকৰ পুত্ৰ ৱাহিদুৰ ৰহমান। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ।

৫. গুৱাহাটীত অব্যাহত আছে কোৰোনাৰ সংক্ৰমণ। এইবাৰ এডিটিপি পঞ্জিৎ দুৱৰাৰ লগতে জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাও আক্ৰান্ত হৈছে কোভিড-১৯ত।

৬. বৰপেটাৰ ছাটাগাঁৱত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহত এজন যুৱকক আটক কৰি ৰাইজে তাৰাবাৰী আৰক্ষীক গতাই দিয়ে। ধৃত যুৱকজন ৰৌমাৰী পাথাৰৰ লোকমান আলীৰ পুত্ৰ আমিনুৰ হক(২৬)।

৭. বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়। ৰাইজ আৰু দেশৰ সেৱা কৰে বিজেপিয়েঃ দলীয় কৰ্মীৰে বাৰ্তালাপ কৰি শনিবাৰে এনেদৰে কয় প্ৰধানমন্ত্ৰী মোডীয়ে।

৮. মহাৰাষ্ট্ৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৭,০৭৪ গৰাকী লোক। ইফালে মৃত্যু হৈছে ২৯৫ গৰাকীৰ।

৯. মণিপুৰত শেহতীয়াকৈ বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক। উল্লেখ্য যে, ৰাজ্যখনত এতিয়ালৈকে কোৰোনা ভাইৰাছ ধৰা পৰা মুঠ লোকৰ সংখ্যা ১৩১৬।

১০. যোৱা ২৪ ঘন্টাত জম্মু-কাশ্মীৰত কোৰোনাত আক্ৰান্ত হৈছে ২২৭ গৰাকী লোক। বৰ্তমান হাস্পতালখনত চিকিৎসাধীন হৈ আছে মুঠ ২,৯৭৬ জন লোক।

১১. শনিবাৰে গোৱাত কোৰোনাত আক্ৰান্ত হয় ১০৮ জন লোক। মুঠ চিকিৎসাধীন হৈ থকা কোৰোনা ৰোগীৰ সংখ্যা ৮৫৩ জনলৈ বৃদ্ধি।

১২. হাৰিয়ানাত শনিবাৰে কোৰোনাত ৫৪৫ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৫জন লোকৰ। বৰ্তমান মুঠ চিকিৎসাধীন লোকৰ সংখ্যা ১৬,৫৪৮ আৰু মৃত্যু হৈছে ২৬০জনৰ।

১৩. শনিবাৰৰ নিশা ৮.৩০ বজালৈকে ৰাজস্থানত কোৰোনাত আক্ৰান্ত হৈছে ৪৮০ জন লোক। ৰাজ্যখনত এতিয়ালৈকে কোৰোনাত মুঠ আক্ৰান্ত হৈছে ১৯,৫৩২ জন লোক।

১৪. বিগত ২৪ ঘন্টাত কৰ্ণাটকত কোৰোনাত আক্ৰান্ত হৈছে ১৮৩৯ গৰাকী লোক। মুঠ এতিয়ালৈকে ১১,৯৬৬ জন লোক কোৰোনাত আক্ৰান্ত হোৱা ৰাজ্যখনত এতিয়ালৈকে মৃত্যু হৈছে মুঠ ৩৩৫ জন লোক।

১৫. বিগত ২৪ ঘন্টাত পশ্চিম বংগত কোৰোনাত আক্ৰান্ত হৈছে ৭৪৩ গৰাকী লোক। লগতে মৃত্যু হৈছে ১৯ জন লোকৰ।

১৬. গুজৰাটত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৭১২ জন লোক। ইফালে ২১ জন লোকৰ মৃত্যু হৈছে। মুঠ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৫,৩৯৮ জনলৈ বৃদ্ধি।

১৭. ৰাজ্যত অপৰিৱৰ্তিত অৱস্থাত বান পৰিস্থিতি। ৰাজ্যত বানত ক্ষতিগ্ৰস্ত হৈছে ২৫ লাখৰো অধিক লোক।

১৮. কোৰোনাত আক্ৰান্ত হৈ অসমত আৰু এগৰাকী লোকৰ মৃত্যু। মৃত্যু হোৱা লোকগৰাকীৰ নাম আনোৱাৰ উল্লাহ।

১৯. চিলাপথাৰৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বাহনখনৰ চালকৰ মৃতদেহ উদ্ধাৰ। মনোৰঞ্জন মাহাতু ওৰফে শৈলেন (৩৮) ৰ মৃতদেহ উদ্ধাৰ হয় ঘটনাস্থলীৰ পৰা ৭ কিলোমিটাৰ নিলগত।

২০. ভাৰতত বিগত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ২২,৭৭১গৰাকী লোক। ৪৪২গৰাকী লোকে হেৰুৱাইছে প্ৰাণ।

২১. দিল্লীত শনিবাৰে কোৰোনাত আক্ৰান্ত হয় ২,৫০৫ গৰাকী লোক। ইফালে দিনটোত ২,৬৩২ গৰাকী লোক আৰোগ্য হোৱাৰ লগতে ৫৫ গৰাকীৰ মৃত্যু হয়।

২২. কোৰোনা মুক্ত হ'ল ওদালগুৰিৰ জিলা উপায়ুক্ত। শেহতীয়া কোভিড-১৯ পৰীক্ষাৰ ফলাফলত কোভিড-১৯ নিগেটিভ আহিছে উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ।

২৩. জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানে শনিবাৰে যুদ্ধ বিৰতি উলংঘন কৰে। পুঞ্চ জিলাৰ দেগৱাৰ চেক্টৰত পাকিস্তানৰ সেনাক প্ৰত্যুত্তৰ দিয়ে ভাৰতেও।

২৪. উত্তৰাখণ্ডত নতুনকৈ শনিবাৰে কোৰোনাত আক্ৰান্ত হৈছে ৪৫ জন লোক। মুঠ কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩,০৯৩ গৰাকীলৈ বৃদ্ধি।

২৫. বিহাৰ বিধানসভাৰ অধ্যক্ষ অৱধেশ নাৰায়ণ সিং কোৰোনাত আক্ৰান্ত হৈছে। তেওঁৰ সৈতে একেলগে বিহাৰ বিধান সভাৰ নৱ নিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ অনুষ্ঠানত ভাগ লৈছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাৱ দিয়ে পৰীক্ষাৰ বাবে।