মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. কৰ্ণাটকৰ বিজেপি নেতা বি এছ য়েদেয়ুৰাপ্পাৰ হেলিকপ্টাৰত তালাচী। ফ্লায়িং স্কোৱাডে চলালে এই তালাচী অভিযান।

২. ফ্লায়িং স্কোৱাডে তালাচী চলালে বিজেপি নেতা কে এছ এছৱাৰাপ্পাৰ বিমানতো। পুৱা শিৱমগ্গাৰ এক জনসভালৈ যোৱাৰ সময়তে চলোৱা হয় তালাচী।

৩. লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে জম্মু-কাশ্মীৰত অঘটন। এটা ভোটকেন্দ্ৰত ভোট দিবলৈ অহাৰ সময়তে নিৰাপত্তাৰক্ষীৰ বাহনৰ খুন্দাত আহত এজন যুৱক।

৪. নিৰ্বাচনৰ মাজতে মাদুৰাইত চিথিৰাই উৎসৱৰ আনন্দ। উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি ২ ঘন্টালৈ বৃদ্ধি ভোটগ্ৰহণ।

৫. কৰ্ণাটকত বহু বিজেপি সমৰ্থকৰ নাম ভোটাৰ তালিকাত নথকাৰ অভিযোগ। নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰ্ণাটক বিজেপিৰ।

৬. 'কংগ্ৰেছৰ 'নামদাৰ' নেতাই কৈছে- তেওঁ দক্ষিণ ভাৰতক এক বাৰ্তা দিব বিচাৰে বাবেই বায়ানাডৰ পৰা নিৰ্বাচন খেলিব ওলাইছে। যদি সঁচাই বাৰ্তা দিব বিচাৰিছে, তেন্তে তিৰুৱান্তপুৰমৰ পৰা নিৰ্বাচন নেখেলে কিয়?' -বৃহস্পতিবাৰে এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

৭. কেৰালাৰ তিৰুৱান্তপুৰমত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছক।

৮. ছত্তীশগড়ৰ বেদমামাৰীত আইইডি বিস্ফোৰণত আহত এজন চিআৰপিএফ জোৱান। আহত জোৱানজন চিআৰপিএফৰ ১৮৮ বেটেলিয়ানৰ।

৯. প্ৰথমবাৰ নিৰ্বাচনী সভা সম্বোধন কৰিয়েই ভাবুক হৈ পৰিল বিজেপিৰ ভূপাল সমষ্টিৰ প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞা ঠাকুৰ। জনতাৰ সন্মুখত সোঁৱৰিলে ৯ বছৰীয়া কাৰাবাস জীৱনৰ কথা।

১০. 'মোক শাৰিৰীক আৰু মানসিকভাৱে কাৰাগাৰত নিৰ্যাতন চলোৱা হৈছিল। বেল্ট খুলি প্ৰহাৰ কৰা হৈছিল। আনকি আৰক্ষীয়ে মোক বিবস্ত্ৰ কৰাৰো ভাবুকি দিছিল তেতিয়া। ভয়, বিষ, যন্ত্ৰণাত মই শুব পৰা নাছিলো।' -ভূপালৰ এক নিৰ্বাচনী সভাত এই মন্তব্য সাধ্বী প্ৰজ্ঞাৰ।

১১. মহানগৰীৰ খাৰঘূলিত বৃহস্পতিবাৰে উদ্ধাৰ হয় এগৰাকী কিশোৰীৰ মৃতদেহ। ১৬ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছিল ১১ বছৰীয়া কিশোৰীগৰাকী।

১২. 'অখিল গগৈয়ে যাকে সমৰ্থন কৰে সেই দলেই হাৰে'। বৃহস্পতিবাৰে সংবাদমেলত এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

১৩. 'তথ্যসহ প্ৰমাণ দিব পাৰিলে ৰাজনীতিৰ পৰা সন্ন্যাস ল'ম।'- ডবকা ব্ল'ক কংগ্ৰেছৰ সভাপতি মঃ ৰহিম উদ্দিনক ফোনযোগে ভাবুকি দিয়াৰ কথা নাকচ কৰি এই মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

১৪. মঙলদৈৰ গেলাইদিঙি ভোটকেন্দ্ৰত বৃহস্পতিবাৰে সংঘটিত হয় অঘটন। ভোটদানৰ পিছতে ঢলি পৰা এগৰাকী মহিলাক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়। মহিলাগৰাকীৰ নাম ভাৰতী কাকতি।

১৫. দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত বৃহস্পতিবাৰে মণিপুৰৰ পূব ইম্ফল জিলাত একাংশ উন্মত্ত লোকে ক্ষতিসাধন কৰিলে ভোটকেন্দ্ৰৰ লগতে ইভিএমৰ। ক্যামগেই মাখা লেইকাইৰ ভোটকেন্দ্ৰটোত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

১৬. কৰিমগঞ্জৰ ১৫৩নং ভোটকেন্দ্ৰত ৰিগিং চলোৱাৰ অভিযোগ। এআইইউডিএফৰ বিধায়ক আজিজ খানৰ দেহৰক্ষী প্ৰত্যাহাৰ।

১৭. ৰংজুলিৰ ৰাজহ চক্ৰ বিষয়া শ্যামন্ত ৰবি বাৰাই চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সুৰেশ ৰাভাক প্ৰহাৰ কৰাৰ অভিযোগত বৃহস্পতিবাৰে সৃষ্ট হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

১৮. 'সাধ্বী প্ৰজ্ঞা এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী দিগ্বিজয় সিঙৰ বাবে বৃহৎ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানত দিগ্বিজয় সিং তিষ্ঠিব নোৱাৰিব।' -এই মন্তব্য জ্যেষ্ঠ বিজেপি নেতা ৰাম মাধৱৰ।

১৯. 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এজন মিছলীয়াৰ ৰজা। তেওঁ আচলতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিব নিবিচাৰে। যদি বিচাৰিলেহেঁতেন তেন্তে এজন সন্ত্ৰাসবাদীক দলীয় প্ৰাৰ্থিত্বই নিদিলেহেঁতেন।' -এই মন্তব্য অল ইণ্ডিয়া মজলিছ-এ-ইট্টেহাদুল মুছলিমিনৰ অধ্যক্ষ আচাদউদ্দিন ওৱেশ্বীৰ।

২০. গুলাম নবী আজাদ, বিক্ৰমাদিত্য সিং আৰু ৱাকাৰ ৰচুল ৱাণীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ জম্মু-কাশ্মীৰ বিজেপিৰ। কেওজনৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগ বিজেপিৰ।

২১. এপ্ৰিলৰ শেষৰ ফালে উত্তৰ কোৰিয়ান নেতা কিম জোং উনে সাক্ষাৎ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক। ৰাছিয়াত অনুষ্ঠিত হ'বলগা এক বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজত হ'ব বাণিজ্য, নিৰাপত্তা বিষয়ক আলোচনা।

২২. 'কংগ্ৰেছে যি কাম ৫৫ বছৰে কৰিব নোৱাৰিলে সেই কাম সম্ভৱ কৰি তুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বৃহস্পতিবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

২৩. 'কংগ্ৰেছ শাসনলৈ আহিলে অসমক ঘূৰাই দিয়া হ'ব বিশেষ ৰাজ্যৰ মৰ্যাদা।' বৃহস্পতিবাৰে এই মন্তব্য কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটে।

২৪. সুৰক্ষিত নহয় ইভিএম। এই দাবী কংগ্ৰেছ নেতা চেম পিট্ৰোডাৰ। বৃহস্পতিবাৰে এক সংবাদ মেলত জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কয়, 'ইভিএমৰ ডিজাইন, ছফ্টৱেৰৰ পৰ্যবেক্ষণ কৰিলে গম পোৱা যায়, যে কিবা এটা অসুবিধা আছে। কিন্তু কি অসুবিধা, সেয়া আমি ক'ব নোৱাৰো।'

২৫. আগষ্টা বেষ্টলেণ্ড কেলেংকাৰীৰ মূল অভিযুক্ত ক্ৰিষ্টিয়ান মাইকেলৰ ইন্টাৰিম জামিনৰ আবেদন নাকচ চিবিআইৰ বিশেষ আদালতৰ। স্বাস্থ্য জনিত কাৰণত জামিনৰ বাবে আবেদন জনাইছিল ক্ৰিষ্টিয়ানে।