মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাই জোৰ লৈ সমদল বাহিৰ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিল কৰাৰ বাবে চৰকাৰক দাবী জনাই ছাত্ৰ-ছাত্ৰীসকলে।

২. দেশৰ ৭৫ টা ব্যস্ত ৰে'লৱে ষ্ট্ৰেচনত অচিৰেই স্থাপন কৰা হ'ব ১০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা। ভাৰতীয় ৰেলৱে বৰ্ডে কৰিলে এই ঘোষণা ।

৩. ষ্টাৰ চিমেণ্টৰ বিশেষ অভিযানৰ সৈতে জড়িত হ'ব অসম কন্যা হিমা দাস। ষ্টাৰ চিমেণ্টৰ চি ই অ' সঞ্জয় কুমাৰ গুপ্তাই ঘোষণা কৰে এই কথা।

৪. 'ৰাফেল ডীলৰ যদি নিকাভাৱে তদন্ত হয় মোদী আৰু আম্বানীৰ আচঁল ৰূপ পোহৰলৈ আহিব।' বুধবাৰে এখন জনসভাত এই মন্তব্য ৰাহুল গান্ধীৰ।

৫. প্ৰায় ৪ মাহ বন্ধ কৰি ৰখাৰ অন্তত বুধবাৰে অতিৰিক্ত জিলা উপায়ুক্ত ৰঞ্জিত কোঁৱৰে তলা খুলি দিয়ে কামৰূপ মহানগৰ প্ৰশাসনে বন্ধ কৰি ৰখা এক'লেণ্ড। বন্ধ কৰি দিয়াৰ পাছতে বিজ্ঞানসন্মতভাৱে চাফ চিকুণ কৰি তোলা হৈছে এক'লেণ্ডৰ পানী।

৬. 'দৈনিক অসম সাহিত্য বঁটা ২০১৭' ঘোষণা। সিদ্ধাৰ্থ শংকৰ কলিতালৈ 'পলিথিনৰ ঢোঁৰাকাউৰী' কবিতা সংকলনৰ বাবে আগবঢ়োৱা হ'ব এই বঁটা। ২৪ নৱেম্বৰত বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত তেওঁক প্ৰদান কৰা হ'ব বঁটা।

৭. 'কাশ্মীৰ পাকিস্তান বা ভাৰত, কাৰোৰে হ'ব নালাগে। কাশ্মীৰ এখন স্বতন্ত্ৰ দেশ হব লাগে।' এই মন্তব্য কৰিলে পাকিস্তানৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক চাহিদ আফ্ৰিদীয়ে।

৮. ১৬ নৱেম্বৰত দিনৰ ১১ বজাৰ পৰা জনতা ভৱনৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰিব ৰাজ্যৰ ৭০ টা সংগঠনে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী লোৱাৰ কথা বুধবাৰে সংবাদমেলত কয় কৃষক নেতা অখিল গগৈয়ে। চৰকাৰে বিক্ষোভ কাৰ্যসূচী বিফল কৰিবলৈ চেষ্টা চলোৱাৰো অভিযোগ তোলে তেওঁ।

৯. বুধবাৰে সন্ধিয়া মুম্বাই এটা অট্টালিকাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। নিহত হয় ২ জনকৈ লোক।

১০. 'পঞ্চায়ত নিৰ্বাচন পাতিবলৈকে বিজেপি সাহস নাছিল, ন্যায়ালয়ৰ নিৰ্দেশতহে পাতিছে। বিজেপি দলে ভয় খাই আক্ৰমণৰ লক্ষ্য হিচাপে কংগ্ৰেছক লৈছে।' বুধবাৰে এই মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী তথা গোলাঘাটৰ বিধায়ক অজন্তা নেওগে।

১১. 'প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে কম সময়ৰ ভিতৰতে বহু দুৰ আগবাঢ়িছে।' চিংগাপুৰত ফিনটেক ফেষ্টিভেলত এই মন্তব্য প্ৰধান মন্ত্ৰী মোদীৰ।

১২. বকলীয়াঘাটত বাইক আৰু টাটা মেজিকৰ মুখামুখি সংঘর্ষ। ভয়নপথত সংঘটিত দুৰ্ঘটনাটোত ধৰণী নাথ নামৰ এজন শিক্ষকে থিতাতে প্ৰাণ হেৰুৱাই।

১৩. দিল্লীৰ নৰেলাত বুধবাৰে পুৱা উদ্ধাৰ হয় এজন বৃদ্ধৰ মৃতদেহ। গুলীয়াই হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ।

১৪. বৃহস্পতিবাৰে ধুমুহা বতাহে কপাঁব পাৰে তামিলনাডু। প্ৰশাসনে জাৰি কৰিছে হাই এৰ্লাট।

১৫. বুধবাৰে গোলাঘাট জিলাৰ বিজেপিৰ অ' বি চি মৰ্চাৰ সম্পাদিকা ৰীতামণি হাজৰিকাই পদত্যাগ কৰে দলৰ পৰা। ২০০৬ চনৰ পৰা দলত থাকিও পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীত্ব নাপায় পদত্যাগ কৰে তেওঁ। দুখীয়া বাবেই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাৰ অভিযোগ নেত্ৰী গৰাকীৰ।

১৬. ৰাজস্থানৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বুধবাৰে বিজেপিয়ে প্ৰকাশ কৰে ৩১ জনীয়া দ্বিতীয়খন তালিকা। বাদ পৰিল কেইবাজনো মন্ত্ৰীৰ নাম।

১৭. ১১ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰী লৈকে অনুষ্ঠিত হব সংসদৰ শীতকালীন অধিৱেশন।

১৮. প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ এসময়ৰ ব্যক্তিগত সচিব তথা প্ৰদেশ কংগ্ৰেছৰ সদস্য গৌতম গুপ্তাই কংগ্ৰেছ এৰি যোগ দিলে বিজেপিত। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ উপস্থিতিত একাংশ সমৰ্থকৰ হৈছে তেওঁ যোগ দিয়ে দলটোত।

১৯. তেলেংগানাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে কংগ্ৰেছে প্ৰকাশ কৰে ১০ জনীয়া এখন প্ৰাৰ্থীৰ তালিকা। চলিত বৰ্ষৰ ৭ ডিচেম্বৰত অনুষ্ঠিত হব নিৰ্বাচন।

২০. 'নিজৰ নিৰাশাজনক ৰাজনৈতিক কেৰিয়াৰৰ বাবেই ৰাহুলে ৰাফেল ডীলক লৈ বিৰ্তকৰ সৃষ্টি কৰি আছে।' এই মন্তব্য বিত্তমন্ত্ৰী অৰুণ জেটলীৰ।

২১. মহানগৰ আবকাৰী বিভাগৰ অভিযানত যোৰাবাটত আৰক্ষীয়ে প্ৰায় ১৪ কাৰ্টন বিলাতী সুৰা জব্দ কৰে। এখন অটোৰ পৰা জব্দ কৰা সুৰাখিনি মেঘালয়ৰ পৰা অনা হৈছিল বুলি জানিব পৰা গৈছে।

২২. ১৬ নৱেম্বৰত সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি পাব অসমীয়া ছবি 'ভাৱৰীয়া'। ইতিমধ্যে মুক্তিপোৱা ছবিখনৰ ট্ৰেইলাৰ আদৰি লৈছে দৰ্শকে।

২৩. বুধবাৰে দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে আহিবলগীয়া ছবি 'পেটা'ৰ পোষ্টাৰ মুকলি কৰে। ছবিখনত ৰজনীকান্তৰ বিপৰীতে অভিনয় কৰিব অভিনেত্ৰী তৃষা কৃষ্ণনে ।

২৪. ১৬ নৱেম্বৰত দেশৰ ছবিগৃহত মুক্তি পাব ৪ খনকৈ হিন্দী ছবি। ইয়াৰে দুখন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে গোবিন্দা আৰু চানী দেউলে।

২৫. নগাঁৱত বিশ্ব ডায়েবেটিচ দিবস উদযাপন। ত্ৰিনয়ন হেলথ কেয়াৰ এণ্ড ৰিৰ্চাচ চেন্টাৰৰ উদ্যোগত এই দিবস পালন।