মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. ৰাজ্যত মঙ্গলবাৰৰ দিনটোত নতুনকৈ কোভিড আক্ৰান্ত হ'ল  মুঠ  ২২৬ জন। আনহাতে একেটা দিনতে কোভিড আক্ৰান্ত হৈ মৃত্যু হ'৩ জনৰ।

২. মঙ্গলবাৰৰ দিনটোত  মুঠ ২৮,৯৫৪ গৰাকী ব্যক্তিৰ দেহত কোৰোনাৰ পৰীক্ষা কৰা হৈছিল। সেই সেই অনুসৰি পজিটিভিটিৰ হাৰ ০.৭৮ শতাংশ।

৩. কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৭৬, যোৰহাট জিলাত ২০ শোণিতপুৰ জিলাত ১৭, বৰপেটা জিলাত  ১৪ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। একেদৰে বৰপেটা কাচাৰ আৰু দক্ষিণ শালমাৰা জিলাত এজনকৈ ব্যক্তিয়ে প্ৰাণ ত্যাগ কৰিছে।

৪. ২৪ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষা অনিবাৰ্য কাৰণবশত পিছুৱাই দিয়া হৈছে। শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে এক নিৰ্দেশনা। বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই পৰীক্ষাৰ পুনৰ নিৰ্ধাৰিত সময়সূচী হৈছে ৩১ অক্টোবৰ, ২০২১।

৫. দেশত অতি শীঘ্ৰে শিশুক প্ৰদান কৰা হ'ব কোৰোনাৰ ভেকচিন। শিশুৰ বাবে নিৰ্মাণ কৰি উলিওৱা কোৰোনাৰ ভেকচিনত অনুমোদন প্ৰদান কৰিছে বিশেষজ্ঞ কমিটীয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শিশুসকলৰ বাবে ভাৰত বায়োটেকৰ ভেকছিনৰ অনুমোদন প্ৰদান কৰিছে।

৬. ভাৰত বায়োটেক ভেকছিন এতিয়া দেশত ২ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুক দিয়া হ'ব। এই সন্দৰ্ভত নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই জাৰী কৰিব।উল্লেখ্য যে বাৰত বায়টেক আৰু আই চি এম আৰে শিশুৰ বাবে একেলগে ভেকছিন তৈয়াৰ কৰিছে।

৭. হাপুৰুষ শ্ৰীমন্ত শংৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ মনিকাঞ্চন সংযোগৰ ৪৯৯ সংখ্যক দিৱস মঙ্গলবাৰে বৰ্নাঢ্য কাৰ্যসূচীৰে সংযোগস্থলি নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত উদযাপন কৰা হয় ।

৮. মহাানন্দ এক্সপ্ৰেছত আৰক্ষীয়ে বাৰাণসীৰ পৰা মুম্বাইলৈ যাত্ৰা কৰা দুজন ব্যক্তিৰ পৰা ৩.২০ কোটি টকাৰ নগদ ধন জব্দ কৰিছে।খাণ্ডৱাৰ চৰকাৰী ৰে'ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ববিতা কাথেৰিয়াই এই বিষয়ত কয় যে, নগদ ধন জব্দ কৰাৰ পিছত লোক দুজনক জিম্মাত লোৱা হৈছে। তেওঁ কয়, গোপন সূত্ৰে এই বিষয়ে তথ্য লাভ কৰাৰ পিছত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াসকলে জিআৰপি আৰু ৰে'ল সুৰক্ষা বাহিনীৰ সহায়ত মহানন্দ এক্সপ্ৰেছৰ দুটা ডবাত তালাচী চলাইছিল।

৯. দেশত কয়লাৰ নাটনিৰ সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অহা ৫ দিনত প্ৰতিদিনে কয়লা উৎপাদন ১.৯৪ নিযুত টনৰ পৰা ২ নিযুত টনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।

১০. উড়িষ্যাৰ ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি, ভক্ত অবিহনে দুৰ্গা পূজাৰ স্থলীত ভক্ত অবিহনে পূজা কৰা হৈছে।ভুৱনেশ্বৰৰ এখন পূজা সমিতিৰ এজন সদস্যই কৈছে "ভক্ত অবিহনে উপাসনা কৰা হৈছে। প্ৰতি বছৰে ডাঙৰ পূজা হয় কিন্তু ২ বছৰ ধৰি কৰোনাৰ কাৰণে সৰু পূজা হৈছে। "

১১. কেন্দ্ৰীয় কেবিনেটে সৈনিক স্কুল চ'চাইটিৰ অধীনত অনুমোদিত সৈনিক বিদ্যালয় আৰম্ভ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই বিদ্যালয়সমূহে এক বিশেষ উলম্ব হিচাপে কাম কৰিব যি বৰ্তমানৰ সৈনিক বিদ্যালয়তকৈ পৃথক হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে।

১২. কোৰোনাকালীন পৰিস্থিতিৰ বাবে দেশৰ বিমান যাত্ৰীৰ ক্ষমতাৰ ওপৰত বাহাল থকা নিশেধাজ্ঞা ১৮ অক্টোবৰত সম্পূৰ্ণৰূপে সমাপ্ত হ'ব। অৰ্থাত ১৮ অক্টোবৰৰ পৰা ঘৰুৱা বিমানত যাত্ৰীৰ ক্ষমতাৰ ক্ষেত্ৰত নাথাকিব কোনো নিষেধাজ্ঞা।

১৩. কামৰূপ জিলাৰ বকোত মঙ্গলবাৰে এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত ৰাজাপাৰাৰ হনুমান মন্দিৰৰ সন্মুখত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে গৈ থকা এ এছ-২৫/চিচি-৩২৫৬ নম্বৰৰ টাটা আইৰিছ খনে বিপৰীত দিশৰ পৰা গৈ থকা এ এছ-০১/ই পি-৫১২৯ নম্বৰৰ হোণ্ডা আমেজখনক তীব্ৰ বেগেৰে খুন্দা মাৰে।ফলত টাটা আইৰিছখনত থকা পিতা-পুত্ৰ ক্ৰমে বাবুল ৰাভা (৩৮) আৰু নিতুল ৰাভা (১৬ ) গুৰুতৰ ভাৱে আহত হয় ।

১৪. বিশ্ব ক্ৰিকেটক নিয়ন্ত্ৰণ কৰিছে ভাৰতে। এই দাবী উত্থাপন কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইমৰান খানে। ইমৰান খানৰ মতে আই চি চি এতিয়া বি চি চি আইৰ অধীনত। ক্ৰিকেটত এতিয়া ধনহে আটাইতকৈ ডাঙৰ খেলুৱৈ।

১৫. সমগ্ৰ দেশত কিছু সময়ৰ বাবে গুগ'লৰ ইমেইল সেৱা জিমেইল কিছু সময়ৰ বাবে ডাউন হৈ পৰিছে। ডাউন ডিটেক্টৰৰ মতে দেশত জিমেইল ব্যৱহাৰকাৰীসকলে জিমেইলত কাম কৰাত অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে। অৱশ্যে গুগ'লৰ ফালৰ পৰা এতিয়ালৈকে এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।

১৬. আজি সপ্তমী। দুৰ্গতিনাশিনী শক্তিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ স্তুতি ,অৰ্চনা আৰাধনাত বুৰ গৈছে সমগ্ৰ দেশ। কোৰোনা বিভীষিকাৰ মাজতে সমগ্ৰ ৰাজ্যত  পৰম্পৰাগতভাবে  দেৱী বন্দনাৰ মহা আয়োজন চলিছে। পৰম্পৰাগতভাবে মহালয়াৰ পৰা বিভিন্ন তীৰ্থস্থানত আৰম্ভ হৈছে বলি বিধানেৰে দেৱী পূজা।

১৭. দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ। চট পূজাৰ সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি নেতা মনোজ তিৱাৰীয়ে। এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি থকা সময়তে আঘাতপ্ৰাপ্ত হয় বিজেপি নেতা গৰাকী। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।

১৮. দেশজুৰি দূৰ্গোৎসৱৰ মাজতে ৰাজধানীৰ দিল্লীৰ লক্ষ্মী নগৰ অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা পাকিস্তানী সন্ত্ৰাসবাদীক। বিশেষ আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে ধৃত সন্ত্ৰাসবাদীটোক। দীৰ্ঘদিন ধৰি ব্যৱহাৰ  কৰিছিল ভাৰতীয় নাগৰিকক ভুৱা নথি।তেওঁৰ পৰা এখন আলোচনী আৰু ৬০ ৰাউণ্ড, এটা হেণ্ড গ্ৰেনেড আৰু ৫০ ৰাউণ্ড সহ দুটা অত্যাধুনিক পিষ্টলৰ লগতে এটা একে-৪৭ ৰাইফল জব্দ কৰা হয়।

১৯. শ্বিলঙৰ পাঞ্জাৱী লেনৰ পৰা শিখ সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰা হব। মেঘালয় কেবিনেটে এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পাঞ্জাৱী লেন সেই স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰাৰ সন্দৰ্ভত পাঞ্জাৱৰ উপ মুখ্যমন্ত্ৰী চৌখচিন্দৰ সিং ৰান্ধাৱাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, এই বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে কথা পাতিব। হাৰিয়ানাতো এই সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দলিত শিখ পৰিয়াল সকলক মাওলেন অঞ্চলত দীৰ্ঘদিন ধৰি বাস কৰি আহিছে।

২০.কাৰাগাৰত থকাৰ অৱস্থাতে ২০১৭ চনৰ এক দুৰ্ঘটনাৰ গোচৰত পুনৰ গ্রেপ্তাৰ হ'ল ৰাজকন্যা বৰুৱা। সেই দুৰ্ঘটনাত কৰণ জ্যোতি সন্দিকৈৰ ডিঙিৰ হাড় ভাঙিছিল।প্রাক্তন বিধায়িকা নৱনিতা সন্দিকৈৰ পুত্র কৰণ জ্যোতি সন্দিকৈ।২০১৭ ৰ ২৬ অক্টোবৰ নিশা ৰাজকন্যাই সংঘটিত কৰিছিল সেই দুৰ্ঘটনা।এএছ ০১ এ জি ২১৯৪ নম্বৰৰ বাহখনেৰে সংঘটিত কৰিছিল সেই দুৰ্ঘটনাটো।সেই একেখন বাহনেৰেই পুনৰ ৰাজকন্যাই যোৱা ২ অক্টোবৰত সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা।

২১.

জন্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পি ডি পি নেত্ৰী মেহবুবা মুফতীৰ বিৰুদ্ধে সাম্প্ৰদায়িক দৃষ্টিভংগী প্ৰকাশ কৰাৰ অভিযোগ উত্থাপনেৰে দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে এগৰাকী অধিবক্তাই।বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক তেওঁৰ উপাধি খান হোৱাৰ বাবেই ৰাষ্ট্ৰীয় সংস্থাসমূহৰ লক্ষ্য হৈ পৰিছিল বুলি নিজৰ টুইটাৰ হেণ্ডলত এক টুইট কৰিছিল মেহবুবা মুফতীয়ে। তেওঁ কৈছে যে, বিজেপিয়ে তেওঁলোকৰ মুখ্য ভোটবেংকক সন্তুষ্ট কৰিবলৈ ভাৰতীয় মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে বুলি উল্লেখ কৰিছিল।

২২. ভাৰতৰ কোভিড-১৯ টিকাকৰণ কভাৰেজে মঙ্গলবাৰে ৯৬ কোটিৰ সীমা অতিক্ৰম কৰিছে। মঙ্গলবাৰে দিনটোত সন্ধিয়া ৭ বজালৈকে ৪৬,২৩,৮৯২ পালি ভেকচিন প্ৰদান কৰা হৈছে।

২৩. ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই আজি গুজৰাটৰ মুন্দ্ৰা বন্দৰত ৩,০০০ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে দিল্লীৰ পাঁচটা স্থানত অভিযান চলায়।

২৪. এন আই এয়ে আজি কেৰালা, কৰ্ণাটক আৰু তামিলনাডুৰ একাধিক স্থানত এডাক্কাৰা মাওবাদী গোচৰ প্ৰসংগত তালাচী চলাইছিল। এই গোচৰটো দেশ বিৰোধী কাৰ্যকলাপৰ বাবে সন্ত্ৰাসবাদী সংগঠন চিপিআই (মাওবাদী)ৰ সদস্যসকলৰ ষড়যন্ত্ৰৰ সৈতে সম্পৰ্কিত।

২৫. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি এলাহাবাদ উচ্চ ন্যায়ালয়, মাদ্ৰাজ উচ্চ ন্যায়ালয় আৰু গৌহাটি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অধিবক্তা আৰু ন্যায়িক বিষয়াসকলক নিযুক্তি দিয়ে।