স্বাস্থ্য

খোৱা-লোৱাত যত্ন লওঁক আৰু হৃদযন্ত্ৰক সুস্থ কৰি ৰাখক

asomiyapratidin

ডিজিটেল ডেস্ক: বৰ্তমান সময়ত তুলনামূলকভাৱে হৃদৰোগত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে।অতি কম বয়সৰ বহু লোকো এই ৰোগত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।অনিয়মিত তথা অস্বাস্থ্যকৰ খাদ্য , সুস্থ জীৱন-যাপনৰ প্ৰণালীৰ অভাৱকে ধৰি বিভিন্ন কাৰণত লোক এই ৰোগত আক্ৰান্ত হয়। কিন্তু আমি অলপ সচেতন হ’লেই এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰো।দৈনিক ব্যায়াম তথা খোৱা-লোৱাত সাৱধানতা অৱলম্বন কৰি আমি এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰো।’হাৰ্ট এটেক’ৰ পৰা বাচি থাকিবলৈ কি কি খাদ্য খোৱা দৰকাৰ, আজি সেই বিষয়ে জানো আহক-

সেউজীয়া শাক পাচলি

স্বাস্থ্য ভালে ৰাখিবলৈ শাক-পাচলি খোৱাটো খুবেই জৰুৰী।সেয়া হয়তো সকলোৰে জ্ঞাত। কিন্তু আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰতো সেউজীয়া শাক-পাচলিয়ে গুৰুতৰ ভূমিকা পালন কৰে।সেয়ে গৰমেই হওঁক অথবা ঠাণ্ডা দিনেই হওঁক, খাদ্যৰ তালিকাত সেউজীয়া শাক-পাচলি খোৱাটো অভ্যাস কৰক।

ফ্ৰেঞ্চ বীন

ফ্ৰেন্স বীনত থকা পটেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে ।তদুপৰি

ফ্ৰেন্স বীনে শৰীৰৰ উচ্চ ক’লেষ্ট’ৰেলৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে শৰীৰত ছুগাৰৰ মাত্ৰাও নিয়ন্ত্ৰিত কৰি ৰাখে। 

ডাৰ্ক চকলেট

হৃদৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব কৰা এবিধ খাদ্য হ’ল ডাৰ্ক চকলেট।ডাৰ্ক চকলেটে হৃৎপিণ্ডলৈ তেজ সৰবৰাহ কৰা ধমনীত তেজ গোট মৰাত বাধা দিয়ে প্ৰতিদিনে কেইডোখৰমান ডাৰ্ক চকলেট খোৱাটো উচ্চ মাত্ৰাত কেল’ৰি থকা খাদ্য খোৱাতকৈ বহু বেছি উপকাৰী। ডাৰ্ক চকলেটত চেনি থাকে, কিন্তু সীমিত মাত্ৰাতহে।

অলিভ অইল

মানৱ জীৱনৰ খাদ্য প্ৰণালীৰ এক আৱশ্যকীয় সামগ্ৰী হৈছে তেল। দৈনন্দিন জীৱনত ৰন্ধন প্ৰণালীত বিভিন্ন প্ৰকাৰৰ তেলৰ ব্যৱহাৰ কৰা হয়।অলিভ অইল বা জলফাই তেল বৰ্তমানে উপলব্ধ তেলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ তেল আৰু এণ্টি–অক্সিডেণ্টৰে সমৃদ্ধ।হৃদৰোগৰ লগতে উচ্চ কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ বাবে জলফাই তেল বিশেষভাৱে কাৰ্যকৰী।

মাছ

আমিষ খাদ্যৰ ভিতৰত মাছ হৈছে এবিধ অতি উপকাৰী খাদ্য। মাছত থকা অমেগা-৩ ফেটি এচিডে শৰীৰৰ হৃদয় আৰু ধমনী অংশ শক্তিশালী কৰি তোলে। ই ধমনীবিলাকত তেজ গোট মৰাতো বাধা প্ৰদান কৰে।