স্বাস্থ্য

পৰিৱৰ্তনশীল বতৰৰ বাবে শিশুটিৰ কাহ হৈছে নেকি ?

Asomiya Pratidin

ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল বতৰে শিশুসকলক প্ৰথমে প্ৰভাৱিত কৰে।এই সময়ছোৱাত শিশুসকলক কাহ আৰু চৰ্দিয়ে বৰকৈ আমনি কৰে, বিশেষকৈ কাহ।কাহৰ ফলত বহুসময়ত শিশুটোৰ ডিঙি বিষোৱা আৰম্ভ হয়। শিশুসকলক এনে কাহৰ পৰা সকাহ দিবলৈ আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিব পাৰে।আজি সেইসমূহৰ বিষয়ে জানো আহক-

মৌ

কাহৰ পৰা সকাহ পাবলৈ আপুনি শিশুটিক মৌ খুৱাব পাৰে।মৌত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে।এবছৰতকৈ অধিক বয়সৰ শিশুৰ বাবে মৌ অতি ফলদায়ক। আপুনি আধা চামুহ মৌ অলপমান গৰম পানীত মিহলি কৰি শিশুটিক খুৱাবলৈ চেষ্টা কৰিব। ই শিশুটিত অতি সোনকালে কাহৰ পৰা মুক্তি দিব।

 গৰম পানীয়

শিশুটোক কাহৰ পৰা সকাহ দিবলৈ আপুনি তেওঁলোকক গৰম পানীয় খুৱাব । ই তেওঁলোকৰ ডিঙি সহজে পৰিস্কাৰ কৰিব, ফলত শিশুটিৱে কাহৰ পৰাও সকাহ পাব। আপুনি শিশুসকলক ভেষজ চাহো দিব পাৰে। কাহ হৈ থকা দিনকেইটাত তেওঁলোকক একো ঠাণ্ডা নিদিব। ই তেওঁলোকৰ সমস্যা বৃদ্ধি কৰিব পাৰে। 

ভাপ  

গা ধোৱা বা পানী খোৱাৰ সময়ত আপুনি শিশুটিক ভাপ দিব পাৰে। ভাপে শিশুটিৰ শ্লেষ্মা পৰিষ্কাৰ কৰি কাহৰ পৰা সকাহ দিব। 

নিমখ পানী

কাহৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি শিশুটিক নিমখ পানীৰে গাৰ্গল কৰিব পাৰে। পাতল কুহুমীয়া পানীত অকনমান নিমখ দি শিশুটিক গাৰ্গল কৰাব। এনে কৰাৰ ফলতো তেওঁলোকৰ কাহ সোনকালে ভাল হ’ব।

হালধী গাখীৰ 

এই সময়ছোৱাত আপুনি শিশুটোক হালধিৰ গাখীৰ খুৱাব পাৰে।ইয়াৰ পৰাও তেওঁলোকে কাহৰ সমস্যাৰ পৰা যথেষ্ট সকাহ পাব।