গুৱাহাটী

সৰবৰহী মহিলা লীনা ভট্টাচাৰ্যৰ মৃত্যুত জু-তিনিআলিত শোকৰ ছাঁ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰৰ সন্ধিয়া গুৱাহাটীৰ জু তিনিআলি অঞ্চলৰ বিশিষ্টা মহিলা তথা ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী লীনা ভট্টাচাৰ্যৰ দেহাৱসান ঘটে। সন্ধিয়া প্ৰায় ৫.৩০বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিতসালয়ত মৃত্যু হয় ভট্টাচাৰ্যৰ।

উল্লেখ্য যে, মহানগৰীৰ ৰজত কমল পথত থকা কাঞ্চন এপাৰ্টমেন্টৰ বাসিন্দা লীনা ভট্টাচাৰ্য আছিল অতিকৈ সৰবৰহী এগৰাকী মহিলাৰ লগতে বহু সামাজিক কাম-কাজতো জড়িত হৈ আছিল। উচ্চ ৰক্তচাপৰ বাবে হোৱা মগজুৰ ৰক্তক্ষৰণত আক্ৰান্ত হৈ চিকিতসাধীন হব লগা হৈছিল লীনা ভট্টাচাৰ্য।

ৰীণা ভট্টাচাৰ্যৰ মৃত্যুৰ সময়ত বয়স আছিল ৬১বছৰ। দুগৰাকী কন্যা সন্তানৰ উপৰি বহু আত্মীয়ক এৰি থৈ গৈছে তেওঁ। নিশাই ৭বজাত নৱগ্ৰহ শশ্মানত শেষকৃত্য সম্পন্ন কৰা হয় লীনা ভট্টাচাৰ্যৰ।