গুৱাহাটী

সজাগতা বৃদ্ধিৰ লক্ষ্যৰে জু-নাৰেঙ্গী ছাত্ৰ সন্থাৰ মাস্ক-হেণ্ড ছেনিটাইজাৰ বিতৰণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ আন প্ৰান্তৰ লগতে অসমতো প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। কোভিডৰ পৰা বাচিবলৈ অৱশ্যে বহু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ এটা হেণ্ড চেনিটাইজাৰ ক্ৰয় কৰাৰ বাবে পৰ্যাপ্ত ধন নাই। তদুপৰি বহু লোক কোভিডৰ সন্দৰ্ভত সচেতন বা সজাগ নোহোৱাও পৰিলক্ষিত হৈছে। কিন্তু তেনে সময়তে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে জু-নাৰেঙ্গী ছাত্ৰ সন্তাই।

জু-নাৰেঙ্গী অঞ্চলৰ অন্তৰ্গত গীতা মন্দিৰ, বড়ো চক, গীতা নগৰ, বিজি আদি অঞ্চলত কোভিড সৃষ্ট পৰিবেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জু-নাৰেঙ্গী ছাত্ৰ সন্থাই নিজ কাৰ্যালয়ৰ সন্মুখত সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে ১৫০ লোকক মাজত মাস্ক বিতৰণ কৰাৰ লগতে ৫০জন লোকক ছেনিটাইজাৰ যোগান ধৰে।

তদুপৰি ছাত্ৰ সন্থাৰ সদ্স্যসকলে কোৰোনাৰ গণসংক্ৰমনৰ পৰা ৰক্ষা পাবৰ বাবে ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনায়। জু-নাৰেঙ্গী ছাত্ৰ সন্থাৰ উপদেষ্টা জিতুমণি ডেকা, ভাৰপ্ৰাপ্ত সভাপতি দিপু পাঠকে জনাই যে প্ৰতিদিনে ৫০গৰাকী পথচাৰীক মাস্ক বিতৰণ কৰা হ'ব ।