গুৱাহাটী

২৪ নবেম্বৰত গুৱাহাটী টাউন ক্লাৱত উন্মোচন হ’ব নিবেদন দাস পাটোৱাৰীৰ কাব্য সংকলন ‘দাইঙৰ পোহৰত’…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশিষ্ট কবি নিবেদন দাস পাটোৱাৰীৰ কাব্য সংকলন 'দাইঙৰ পোহৰত' উন্মোচন হ'ব অহা ২৪ নবেম্বৰ, ২০১৯, দেওবাৰে। আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা প্ৰতিষ্ঠিত কবিগৰাকীৰ এই সদ্যপ্ৰকাশিত কাব্য সংকলন উন্মোচন কৰিব বিশিষ্ট কবি-সমালোচক হৰেকৃষ্ণ ডেকাই।

গুৱাহাটী টাউন ক্লাৱত দিনৰ ১১ বজাত আয়োজন কৰা এই উন্মোচনী অনুষ্ঠানতসন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব আশুতোষ অগ্নিহোত্ৰীয়ে। ইয়াৰ উপৰিও উন্মোচনীঅনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব ড০ বিভাস চৌধুৰী, বিশিষ্ট কবি অনুভৱতুলসী আৰু লুটফা হানুমে ছেলিমা বেগমে।