গুৱাহাটী

মহানগৰীৰ মাদাৰ বৃদ্ধাৱাসত ভাৰতীয় ফিজিঅ’থেৰাপি সংস্থাৰ অসম শাখাৰ বিনামূলীয়া ফিজিঅ’থেৰাপি চিকিৎসা

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ স্বাস্থ্যই সম্পদ। সকলো লোকে শৰীৰ, আত্মা আৰু মনৰ সন্তুলন ৰাখি নিৰোগী জীৱন যাপন কৰিব বিচাৰে। ৰোগৰ থাকে ভিন্নতা। এনে কিছু ৰোগো থাকে যিসমূহ নিৰাময়ৰ বাবে প্ৰয়োজন নহয় ঔষধৰ। তেনে সমূহ ৰোগ নিৰাময় কৰা হয় ফিজিঅ'থেৰাপিৰ দ্বাৰা। সেই উদ্দেশ্যৰেই প্ৰতিবছৰে ৮ ছেপ্তেম্বৰৰ দিনটো বিশ্ব ফিজিঅ'থেৰাপি দিৱস হিচাপে পালন কৰা হয়।

দেওবাৰে বিশ্ব ফিজিঅ'থেৰাপি দিৱসৰ সৈতে সংগতি ৰাখি ভাৰতীয় ফিজিঅ'থেৰাপি সংস্থাৰ অসম শাখা আৰু অসম শাখাৰ মহিলা কোষৰ দ্বাৰা এই বিশেষ দিনটো পালন কৰা হয়। এই বিশেষ দিনটোত সংস্থাৰ চিকিৎসকসকলে বিনামূলীয়াকৈ মহানগৰীৰ মাদাৰ বৃদ্ধাৱাসত এক স্বাস্থ্য শিৱিৰৰ আয়োজন কৰে। এই শিৱিৰৰ শুভাৰম্ভৰ অনুষ্ঠানত উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, নিউজ লাইভৰ সাংবাদিক বিকাশ শৰ্মা, ভাৰতীয় ফিজিঅ'থেৰাপি সংস্থাৰ মহিলা কোষৰ অসম শাখাৰ সমন্বয়ক ডাঃ কুকী বৰদলৈ, ডাঃ পল্লৱী গোস্বামী, ডাঃ লোপা ডি ডেকা, ডাঃ তৃষ্ণা দত্ত, ডাঃ তন্দ্ৰ দে', ডাঃ ডিম্পী ৰাজবংশী, ডাঃ তৃষ্ণা এছ বৰুৱা, উৎপল হৰ্ষবৰ্ধনৰ লগতে আন বহু লোক।

অনুষ্ঠানটোত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই ফিজিঅ'থেৰাপিৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য আগবঢ়াই। বিশেষ দিনটোত ভাৰতীয় ফিজিঅ'থেৰাপি সংস্থাৰ এই কামৰ প্ৰশংসা কৰি তেখেতে ফিজিঅ'থেৰাপি শিশুৰ পৰা বয়োজ্যেষ্ঠ সকলো লোককে লাগে বুলি কয়। তেখেতে লগতে কয়, দৰৱে ভাল কৰিব নোৱাৰা ৰোগ ফিজিঅ'থেৰাপিয়ে ভাল কৰে। ৰাজহাড়, কঁকাল বিষৰ দৰে ৰোগসমূহৰ নিৰাময় কৰাত ফিজিঅ'থেৰাপিৰ বিশেষ অৰিহণা আছে।

ইফালে ৮ ছেপ্তেম্বৰত ভাৰতৰত্ন ভূপেন হাজৰিকাক জন্মদিনত সুৱৰি তেখেতে কয় যে, এনে এটা গুৰুত্বপূৰ্ণ দিনত এইসকল আৱাসীক শাৰিৰীক দিশৰ খবৰ ৰাখি চিকিৎসা বৃত্তিৰে জড়িত অতিব্যস্ত মহিলা চিকিৎসকসকলে কৰা কাম সদায় প্ৰশংসা কৰিব লাগিব। সাধাৰণতে বহু অনুষ্ঠান-প্ৰতিষ্ঠানে স্বাস্থ্য শিৱিৰৰ আয়োজন কৰে যদিও এনেদৰে এখন বৃদ্ধাৱাসত স্বাস্থ্য শিৱিৰৰ আয়োজন কৰাৰ উদাহৰণ তেনেই নগণ্য। কিন্তু প্ৰকৃতপক্ষ্যে এইসকল লোককহে লাগে চিকিৎসা ক্ষেত্ৰৰ সহায়। মন সবল কৰি ৰাখিব পাৰিলেহে প্ৰতিজন লোকে নিজকে সবল বুলি গণ্য কৰিব পাৰিব বুলি উল্লেখ কৰি তেখেতে কয় যে, কামৰ দ্বাৰা পোৱা মানসিক পৰিতৃপ্তিক একোৰে জুখিব নোৱাৰি।

ইফালে বিকাশ শৰ্মায়ো উপস্থিত থাকি ফিজিঅ'থেৰাপিৰ চিকিৎসক সকলৰ কামৰ প্ৰশংসা কৰা অনুষ্ঠানটোত ডাঃ কুকী বৰদলৈয়েও উপস্থিত ৰাইজ তথা মাদাৰ বৃদ্ধাৱাসৰ আৱাসীসকলক উদ্দ্যেশি বক্তব্য আগবঢ়াই। উল্লেখ্য যে, ভাৰতীয় ফিজিঅ'থেৰাপি সংস্থাৰ প্ৰতিখন ৰাজ্যিক শাখাই এই বিশেষ দিনটো পালন কৰে। প্ৰতিখন ৰাজ্যতে সংস্থাৰ বিষয়ববীয়া সকলে ৮ ছেপ্তেম্বৰত ফিজিঅ'থেৰাপিৰ চিকিৎসা আগবঢ়াই।

মাদাৰ বৃদ্ধাৱাসৰ আৱাসীসকলে এই সেৱাৰ বাবে তেওঁলোক লাভাৱান্বিত হ'ব বুলি মন্তব্য কৰে। তেওঁলোকে কয় যে, বয়স বাঢ়ি অহাৰ বাবে বহুসময়ত আৱাসীসকলে শৰীৰৰ বিভিন্ন অংগত বিষ অনুভৱ কৰে। এনে চিকিৎসা সেৱাৰ বাবে তেওঁলোকৰ লাভ হ'ব আৰু তেওঁলোকে বিষৰ পৰা উপশম পাব বুলিও মন্তব্য কৰে একাংশ আৱাসীয়ে।

ভাৰতীয় ফিজিঅ'থেৰাপি সংস্থাৰ অসম শাখা আৰু অসম শাখাৰ মহিলা কোষে তেজপুৰৰ এইছ কে বি এম ফিজিঅ'থেৰাপি কেন্দ্ৰটো শনিবাৰে বিনামূলীয়া ফিজিঅ'থেৰাপি চিকিৎসা আগবঢ়াই। সেই অনুষ্ঠানত তেওঁলোকে ৩৩ গৰাকী ৰোগীক সেৱা আগবঢ়াই।