গুৱাহাটী

বিশ্ব কৰ্কট দিৱসঃ যোৰাবাট আছুৰ সহযোগত কেন্সাৰ প্ৰতিষ্ঠানৰ সজাগতা সভাৰ আয়োজন

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি যোৰাবাট আছু গোটৰ উদ্যোগত তথা নৰ্থ ইষ্ট কেন্সাৰ হস্পিতালৰ সহযোগত শুকুৰবাৰে এক সজাগতা সভাৰ আয়োজন কৰা হয়। উক্ত সভাখনত প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালক ডা০ মুনীন্দ্ৰ নাৰায়ণ বৰুৱা, চিফ অপাৰেটিং অফিচাৰ ডা০ গীতাৰ্থ ৰয়মেধিৰ লগতে মিষ্টাৰ অসম ৰাণাৰ্চ আপ, মিষ্টাৰ গুৱাহাটী, সংগ্ৰম ক্লাচিক ৰাণাৰ্চআপ তথা মিষ্টাৰ ডিমৰীয়া খ্যাত শৰীৰচৰ্চাবিদ দীপ কলিতাই অংশগ্ৰহণ কৰে।

যোৰাবাটৰ শংকৰ নগৰবাসী ৰাইজক উদ্দেশ্যি ডা০ মুনীন্দ্ৰ নাৰায়ণ বৰুৱাই কৰ্কট ৰোগৰ কাৰণ, এই ক্ষেত্ৰত ল'ব লগা সজাগতাৰ সম্বন্ধে বক্তৃতা প্ৰদান কৰে । লগতে তেওঁ এই বছৰৰ বিশ্ব কৰ্কট দিৱসৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ত্ব আৰোপ কৰি সকলোকে ধপাত জাতীয় সামগ্ৰী ত্যাগ কৰিবলৈ অনুৰোধ কৰে। লগতে শৰীৰচৰ্চাবিদ দীপ কলিতায়ে স্বাস্থ্যৰ প্ৰতি যতন ল'বলৈ গাওঁবাসীক অনুৰোধ জনায়।