গুৱাহাটী

মহানগৰীৰ কটাহবাৰীত বন্যহস্তীৰ সন্ত্ৰাস

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ জন অৰণ্যত বুধবাৰে নিশাৰ ভাগত এটা বন্যহস্তী প্ৰৱেশ কৰাত কটাহবাৰী অঞ্চলত ত্ৰাসৰ সৃষ্টি হয়।

প্ৰাপ্ত বাতৰি মতে, আমচাং বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে নিশা পামহি বজাৰ হৈ কটাহবাৰী অঞ্চল পায়। স্থানীয় লোকসকলে এনেদৰে ৰাজপথেৰে এটা বন্যহস্তীৰ আগমন ঘটা প্ৰত্যক্ষ কৰি শংকিত হৈ পৰে।

লগে লগে কটাহবাৰীবাসীয়ে ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়ে। পিছত বন বিভাগৰ কৰ্মীয়ে যথেষ্ট চেষ্টাৰ অন্তত হাতীটোক জন অৰণ্যৰ পৰা পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ সমৰ্থ হয়।

উল্লেখ্য যে হাতীটোৱে কটাহবাৰী হৈ মহানগৰীৰ ঘোঁৰামাৰ, ভেটাপাৰা অঞ্চলটো বিচৰণ কৰিছিল। অৱশ্যে হাতীটোৱে কোনো অনিষ্ট সাধন কৰাৰ বাতৰি এই পৰ্যন্ত পোৱা হোৱা নাই। হাতীটো বৰ্তমান গড়ভঙা বনাঞ্চলত প্ৰৱেশ কৰা বুলি জানিবলৈ দিছে বন বিভাগে।