গুৱাহাটী

নতুনকৈ ব্যৱসায়ত নমা সকলক আগুৱাই নিয়াৰ লক্ষ্যৰে আই আই ইৰ ব্যৱসায়িক দক্ষতা বিকাশৰ সামগ্ৰী বিতৰণ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ নতুনকৈ ব্যৱসায় আৰম্ভ কৰা লোকসকলক আগুৱাই নিয়াৰ বাবে ন ন কাৰ্যসূচী হাতত লৈছে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান চমুকৈ আই আই ইয়ে। ভাৰত চৰকাৰৰ সূহ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় অনূসূচীত জাতি আৰু অনূসূচীত জনজাতি কেন্দ্ৰ(এন এছ এছ এইছ) আঁচনিৰ জৰিয়তে অনূসূচীত জাতি আৰু জনজাতিৰ লগতে সম্ভাৱনাময় উদ্যোগিসকলৰ বিকাশৰ বাবে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে আয়োজন কৰিছে এলানি আৱাসিক সক্ষমতা সৃষ্টি প্ৰশিক্ষণ কাৰ্যসূচীৰ। সমাজৰ সকলো লোককে ব্যৱসায়িক সক্ষমতা, জ্ঞান আৰু দক্ষতা বৃদ্ধি, ব্যৱসায়িক ক্ষেত্ৰৰ প্ৰতি অধিক আকৰ্ষিত কৰা এই কাৰ্যসূচীৰ প্ৰধান লক্ষ্য।

মঙলবাৰে ব্যৱসায়িক দক্ষতা বিকাশৰ সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আই আই ইৰ অধ্যাপক তথা পাঠ্যক্ৰম সঞ্চালক প্ৰশান্ত গোস্বামীয়ে। এই কাৰ্যসূচীত উপস্থিত থাকে এন এছ আই চি লিমিটেডৰ উত্তৰ পূৰ্বাঞ্চলৰ মাণ্ডলিক মহাপ্ৰবন্ধক ডঃ অবিনাশ চৌধুৰী। মঙলবাৰৰ কাৰ্যসূচীত উপস্থিত থাকি তেখেতে ব্যৱসায়িক দক্ষতা বৃদ্ধিৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আৰু উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে অনুষ্ঠানত অংশ লোৱা লোকসকলক সফল ব্যৱসায়ী হিচাপে গঢ়ি তুলিবলৈ অবিৰতভাৱে দক্ষতাৰ পৰ্যায় বৃদ্ধিৰ ওপৰতো মনোনিৱেশ কৰে।

ইফালে অনুষ্ঠানটোত এন এছ এছ এইছৰ উত্তৰ-পূবৰ শাখা প্ৰবন্ধক পিটাৰ থাওনেইচিনা অনুষ্ঠানটোত উপস্থিত থাকি উদ্যমিতা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰখনত আই আই ইৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়াই।

উপৰোক্ত লোকসকলৰ লগতে মঙলবাৰৰ অনুষ্ঠানটোত উপস্থিত থাকে আই আই ইৰ সহঃ অধ্যাপক তথা ঔদ্যোগিক সম্প্ৰসাৰণ কেন্দ্ৰৰ মুৰব্বী ডঃ শ্ৰীপৰ্ণা বি বৰুৱা, সহকাৰী অধ্যাপক তথা ভাৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া জীতেন্দ্ৰ চন্দ্ৰ কলিতা, সহঃ অধ্যাপক তথা ভাৰপ্ৰাপ্ত গাণনিক বিষয়া বিৰাজ কুমাৰ দাস আৰু সহঃ অধ্যাপক এ এছ দেৱান।

আই আই ইয়ে অনুষ্ঠিত কৰিছে বহুতো সক্ষমতা সৃষ্টিৰ প্ৰশিক্ষণ। উল্লেখ্য যে, আই আই ইৰ উদ্যোগত সুন্দৰভাৱে অনুষ্ঠিত হৈছে ১০টা বাণিজ্যিক উন্নয়ন কাৰ্যসূূচী, ৭ টা দক্ষতা বিকাশ কাৰ্যসূচী আৰু এটা ব্যৱস্থাপনা উন্নয়ন কাৰ্যসূচী।